মুকালমুৱাঃ এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গল সমগ্ৰ বৰক্ষেত্ৰীৰ চৰ অঞ্চল৷ নিজ গৃহতে মাতৃ-কন্যাৰ নিথৰ দেহ তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰা ঘটনাই সমগ্ৰ চৰ অঞ্চলতে হুৱাদুৱাৰ সৃষ্টি হৈছে৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ভাংনামাৰী চৰত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড৷

খবৰ অনুযায়ী, ভাংনামাৰী আৰক্ষী থানাৰ অন্তৰ্গত লাউপাৰা চৰৰ হাফিজুৰ ৰহমান নামৰ লোক জনৰ পত্নী আৰু ২ বছৰীয়া কন্যা সন্তানটিক নিজ গৃহৰ ভিতৰতে মৃত অৱস্থাত আজি ওচৰ-চুবুৰীয়াই প্ৰত্যক্ষ কৰে৷ লগে লগে স্থানীয় লোকে ব্যৱসায়ী স্বামী হাফিজুৰ ৰহমান আৰু ভানংমাৰী আৰক্ষীক খৱৰ দিয়ে৷

উল্লেখযোগ্য যে, ব্যৱসায়ী স্বামী হাফিজুৰ ৰহমানে অইন দিনাৰ দৰে আজিও তেওঁৰ কৰ্মসুত্ৰলৈ ৰাতিপুৱাই ওলাই গৈছিল পত্নী আৰু দুই বছৰীয়া কন্যা সন্তানটিক ঘৰত এৰি৷ কিন্তু হঠাতে আজি ব্যৱসায়ী স্বামী হাফিজুৰ ৰহমানে কৰ্ম স্থানত থকা অৱস্থাতে তেওঁলৈ অাহিছিল এক ভয়ানক খৱৰ৷

স্থানীয় লোকে সন্দেহ কৰা মতে কন্যাক নিজ মাতৃয়ে চোকা অস্ত্ৰৰে হত্যা কৰি মাতৃ হালিমা ফৰিদা বেগমে নিজৰ গলত চোকা অস্ত্ৰৰে ৰেপি আত্মহত্যা কৰিছে৷ এফালে এচামে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলিও সন্দেহ কৰিছে৷ সমগ্ৰ হত্যাকাণ্ড তথা আত্মহত্যাৰ লগত ব্যৱহাৰ হোৱা এপাত চোকা অস্ত্ৰ (বঠি) উদ্ধাৰ কৰিছে আৰক্ষীয়ে৷

হাফিজুৰ ৰহমানৰ পত্নী ফৰিদা বেগম (২৫) আৰু তেওঁৰ কন্যা হালিমা বেগমক (২) ইতিমধ্যে ভাংনামাৰী আৰক্ষীয়ে উদ্ধাৰ কৰি মৰোণত্তোৰ পৰিক্ষাৰ বাবে নলবাৰীলৈ প্ৰেৰণ কৰিছে৷ সমগ্ৰ চৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰা ঘটনা এতিয়া ৰহস্যৰ মাজত সোমাই পৰিছে৷ মৰণত্তোৰ পৰিক্ষাৰ অন্ততহে ওলাই পৰিব প্ৰকৃত সত্য৷