
তুলসীবাৰী/কামপুৰ/শুক্লাই/নগৰবেৰা/দুলীয়াজানা/গোৱালপাৰা/মঙলদৈঃ ১৮৮৯ চনৰ ১৪ নৱেম্বৰত জন্ম গ্ৰহণ কৰিছিল শিশুৰ আপোন পণ্ডিত জৱাহৰলাল নেহৰুৰ। দেশৰ আগশাৰীৰ ৰজনীতিবিদ, চিন্তাৰ নায়ক, আধুনিক ভাৰত নিৰ্মাতা আৰু স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী আছিল পণ্ডিত জৱাহৰলাল নেহৰু।
মতিলাল নেহৰু স্বৰুপাৰাণী নেহৰুৰ সন্তান আছিল জৱাহাৰলাল নেহেৰু আৰু তেওৰ জন্ম হৈছিল উত্তৰ প্রদেশৰ এলাহাবাদত৷ দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱহৰলাল নেহেৰুৰ জন্মদিনটো শিশু দিৱস হিচাবে পালন কৰে সমগ্ৰ দেশে৷ শিশু সকলৰ প্রতি নেহেৰুৰ অকৃত্রিম ভালপোৱাৰ বাবে নেহেৰু শিশুৰ অতি প্ৰিয় আছিল।
স্বাধীনতাৰ বাবে দীর্ঘ সময় সংগ্ৰাম কৰি পিছত দেশৰ বিশেষ শিশু প্ৰিয় প্রধানমন্ত্রী বুলি অভিহিত কৰিছিল মানুহে৷ যাৰ বাবে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়৷ কিংবদন্তী স্বাধীনতা সংগ্রামী যুজাৰু আৰু স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্ম বার্ষিকী সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা দেখা যায়৷ ৰাজ্যৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা শিক্ষানুষ্ঠানত ব্যাপক আনন্দ-উলাহৰ মালহেৰে শিশু দিৱস পালন কৰা দেখা যায়৷
NNO তুলসীবাৰীঃ বৈদ্যগড় অঞ্চলৰ অগ্ৰণী বেচৰকাৰী শিক্ষানুষ্ঠান বিদ্যাজ্যোতি শিশু নিকেতনত শিশু দিৱস পালন কৰা হয়৷ পণ্ডিত জৱহৰলাল নেহেৰুৰ স্মৰণ কৰে শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে৷ তদুপলক্ষে পুৱাৰ ভাগত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি নিকেতনৰ ছাত্ৰ-ছাত্ৰী সকলে নেহৰুৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰে৷ পিছত অনুষ্ঠিত হয় এখন সভা৷ সভাত নিকেতনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলেও ভাষণ আগবঢ়ায়৷ শিশু অনুৰাগী প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বৰ্ণিল কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে৷ উক্ত অনুষ্ঠানৰ পাছতে আয়োজিত বাৰ্ষিক বঁটা বিতৰণী সভাত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকে তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হৰি প্ৰসাদ ডেকাই৷ আৰিমত্ত বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যক্ষ কামিনি ভূঞা, বৈদ্যগড় গাঁও পঞ্চায়তৰ সভাপতি ভূবনেশ্বৰ লহকৰ, সমাজকৰ্মী অশ্বিনী কলিতা, ননীধৰ কলিতাৰ লগতে কেইবাগৰাকী আমন্ত্ৰিত অতিথি উপস্থিত থাকে৷
NNO শুক্লাইঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ নোনাই পাৰা চাহ বাগিচাতো দিনজোৰা কাৰ্যসূচীৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম দিৱস পালন কৰা হ'য়। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নোনাইপাৰা সমিতিৰ উদ্যোগত অনুষ্ঠিত শিশু দিৱসত শ্ৰদ্ধাঞ্জলি, বৃক্ষৰোপন, শিশুৰ অধিকাৰৰ ওপৰত সজাগতা, খেল ধেমালি প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হ'য়। অনুষ্ঠানত ওদালগুৰি জিলাৰ DCPO গৌতম চহৰীয়া, শিশু সুৰক্ষা বিষয়া লিপিকা বৰ্মন, পানেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চৌৰাভ আলী, আছাৰ নেতা ৰবীন গোৱালা, সাংবাদিক পৱন নাথ, ভূৱন থপলীয়া উপস্থিত থাকে।
NNO দুলীয়াজানঃ দুলীয়াজানৰ টিপলিং চেপাৰ পথাৰ প্ৰাথমিক বিদ্যালয় আৰু সুন্দৰপুৰত অতি উলাহ-মালহেৰে শিশু দিৱস পালন কৰা হয়৷ এন জি অ’ প্ৰয়াসৰ উদ্যোগত পালন কৰা হয় শিশু দিৱস৷
NNO গোৱালপাৰাঃ গোৱালপাৰাৰ কৰাইখোৱাৰ জ্ঞানজোতি জাতীয় বিদ্যালয়ত শিশু দিৱস পালন কৰা হয়৷ পুৱা ৯ বজাত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলে বাল্য বিবাহ বন্ধ কৰক, শিশু শ্ৰমিক বন্ধ কৰক, সমাজৰ বিকাশ দেশৰ বিকাশ আদি লিখা প্লেকাৰ্ড হাতে হাতে লৈ শ্ল’গান দি শোভাযাত্ৰা উলিযায়। দহ বজাৰ পৰা ৰচনা প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হয়।দুপৰীয়া এখন মুকলি সভা অনুষ্ঠিত হয়৷ সভাত ছাত্ৰ-ছাত্ৰীৰ সন্মুখত ভাষণ আগবঢ়ায় বিদ্যালয়খনৰ উপাধ্যক্ষ আব্দুল মালেকে।
NNO কামপুৰঃ সমগ্র ৰাজ্যৰ লগতে কামপুৰতো পালন কৰা হয় শিশু দিৱস। কামপুৰ চাংচকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পণ্ডিত জৱাহৰলাল নেহেৰুৰ জন্মদিনটো ব্যতিক্ৰম ৰূপত পালন কৰে৷ পুৱা এক শোভাযাত্ৰা উলিযায় ছাত্ৰ-ছাত্ৰীসকলে৷ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা নাটক পৰিবেশন কৰে ছাত্ৰ-ছাত্ৰীসকলে। কোনোৱে যদি কৃষ্ণৰ অভিনয় কৰিছে কোনোৱে আকৌ ৰাধাৰ ৰূপৰ চৰিত্ৰত অভিনয় কৰে। মুঠতে শিশু দিৱস উপলক্ষে অনুষ্ঠিত কৰা ৰাসলীলা নাটকত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অভিনয় কৰি বিদ্যালয়খনৰ চৌহদ এক বৃন্দাবনলৈ ৰূপান্তৰিত কৰে।
NNO নগৰবেৰাঃ সমগ্ৰ দেশৰ লগতে নগৰবেৰাতো শিশু দিৱস পালন কৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে৷ জামলাই, পিজুপাৰা, কল্যাণপুৰ, পলাহৰটাৰী, হেকৰা, মন্দিৰা, মালিবাৰী, সোণতলী, কালাতলী, ৰাঙ্গাপানী, বদলা, টুপামাৰী, ভখুৰাদিয়া, পাহাৰ পাৰা আদি অঞ্চলত ব্যাপক উৎসাহ উদ্দিপনাৰে শিশু দিৱস পালন কৰা দেখা যায়। শিক্ষানুষ্ঠান সমূহত ছাএ-ছাএীৰ মাজত চিএাংকন প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা, বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷
NNO মঙলদৈঃ দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী “ভাৰত ৰত্ন” পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন মঙলদৈৰ পিপৰাদোকানৰ বৰনগাঁৱত পালন কৰা দেখা যায়৷ শিশু দিৱস উৎযাপন সমিতিৰ উদ্যোগত পালন কৰা শিশু দিৱসত সোমবাৰৰ পৰা পালন কৰা হয়৷ কণ কণ শিশুসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে মঙলবাৰে পুৱা সাত বজাত পতাকা উত্তোলন, বন্তি প্ৰজ্বলন তাৰ পিছত খেল ধেমালীৰ লগতে সাহিত্য বিষয়ত ৰচনা প্ৰতিযোগীতা, কবিতা আবৃত্তি, কুইজ প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়৷