05
Sep
2018

newsnextone.com। তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰৰ মহকুমাৰ অন্তৰ্গত শালমাৰাত পুখুৰীত পৰি এটি শিশুৰ সলিল সমাধি ঘটে। জানিব পৰা মতে শালমাৰ গাঁওৰ অমুৰ আলী ছোৱালী আইছা ছিদ্দিকা নামৰ পাঁচ বছৰীয়া শিশুটি মঙলবাৰো আবেলি বিদ্যালয়ৰ পৰা আহি কিছু সময় খেল ধেমালি কৰি নিজ ঘৰৰ পুখুৰীত অকলে গা ধুবলৈ যোৱাৰ ফলতে মৃত্যু হয়। পৰিয়ালৰ লোকে চিকিৎসালয়লৈ শিশুটিক লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। শিশুটিৰ মৃত্যুত অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।