ধিংঃ নগাঁও জিলাৰ ধিঙৰ ৰজাবাৰীত অাাজি এক শোকাবহ ঘটনা সংঘটিত হয়। তিনিটি শিশুৱে দুপৰীয়া গাঁৱৰে এক ৰাজহুৱা পুখুৰীত গা ধুবলে যায়।

গা ধুই থাকোতে তিনিটি শিশু পুখুৰীৰ মাজলৈ যাওঁতেই তিনিওটি শিশু পুখুৰীত ডুৱ যায়। গাঁৱৰে এজন লোকে শিশু কেইটা পানীত ডুৱ যোৱা দেখি চিঞৰ বাখৰ কৰে। লগে লগে অঞ্চলটোৰ লোকে পুখুৰীটোৰ পৰা উদ্ধাৰ কৰি শিশু কেইটাক ধিং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে দুটি শিশুক।

মৃত শিশু দুটি ৰুলিমা খাতুন অাৰু ৰুপবান বেগম। অানহাতে সংকটজনক অৱস্থাত চিকিৎসাধীন শিশুটি মৃত ৰুলিমা খাতুনৰ ভণী জেনিফা খাতুন।