শুক্লাইঃ ভাৰত-ভূটান সীমান্তত পুনৰ হাতী মানুহৰ সংঘাত৷ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীয়ে পুনৰ আক্ৰমন কৰিলে মানুহৰ ওপৰত৷

ভাৰত-ভূটান সীমান্তবৰ্তী দুই নং ডোঙাৰগাঁৱত দেওবাৰে নিশা বন্যহস্তীয়ে আক্ৰমন চলাই প্ৰান ললে এটি কণমানি শিশুৰ৷ নিশাৰ ভাগত ভূটানৰ অৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতীৰ জাকে গাঁৱত সোমাই উপদ্ৰৱ চলাই সাতোটাকৈ বাসগৃহ মোহাৰি নিয়ে৷

বন্যহস্তীৰ এই আক্ৰমনতে ৰূপা বৰ্মন নামৰ এটি পাঁচ বছৰীয়া শিশু নিহত হয়৷ বন্যহস্তীৰ আক্ৰমনৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলবাসী৷