বিহালীঃ কলিতেই মৰহি গল এপাহ ফুল৷ পানীত পৰি মৃত্যু ঘটিল এটি কণমানি শিশুৰ৷ বুধবাৰে নিশা বিশ্বনাথ চাৰিআলিৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত শিঙিবিলত দুৰ্ভাগ্যজনক ভাবে এটি ছয় বছৰীয়া শিশুৰ সলিল সমাধি ঘটে৷

সন্ধিয়া সময়ত খেলি থাকোতে ঘৰৰ সন্মুখৰ পুখুৰীত পৰি সলিল সমাধি ঘটে কন্যা শিশুটিৰ৷ ইব্ৰাহীম আলি আৰু ছকিনা খাতুনৰ কন্যা ইস্মতাৰা খাতুনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷