19
Sep
2017

তুলসীবাৰীঃ উত্তৰ ৰঙিয়াৰ অন্যতম বেচৰকাৰী শিক্ষানুষ্ঠান বিদ্যাজ্যোতি শিশু নিকেতনৰ অংকুৰ শ্ৰেণীৰ ছাত্ৰ আলামীন আলিৰ (৪)আজি আকস্মিক বিয়োগত শোকৰ ছাঁ পৰে৷
তুলসীবাৰী নিবাসী চামাদ আলিৰ কনিষ্ঠ পুত্ৰ আলামিন জ্বৰত ভুগি থকাত সোমবাৰে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে জিএনআৰচি হস্পিতালত ভৰ্তি কৰাই যদিও আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে৷
ইফালে কনমানি ছাত্ৰ জনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকাভিভূত হৈ পৰে নিকেতনৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰী সকল৷ তদুপলক্ষে বিদ্যালয় প্ৰাংগনত ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰী বৃন্দ সমবেত হৈ শোক সভা অনুষ্ঠিত কৰি শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈও সমবেদনা জ্ঞাপন কৰে৷