
নলবাৰীঃ শুকুৰবাৰে নিশা নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ উদোগত আয়োজিত ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতা খনিৰ উদ্বোধনী অনুষ্ঠানত হৈ যায়। আনুষ্ঠানিক ভাৱে নাট প্ৰতিযোগিতা খনি উদ্বোধন কৰে মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াই।
নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত অসমৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডঃ শ্যামল শইকীয়াই স্মৰণিকা 'সংলাপ' খন উন্মোচন কৰে। অনুষ্ঠানত মূখ্য অতিথি হিচাপে যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যিক উপ সভাপতি ৰঞ্জন উপাধ্যায়, বিশিষ্ট অতিথি হিচাপে নলবাৰীৰ উপায়ুক্ত অনন্ত লাল জ্ঞানী, সন্মানীত অতিথি হিচাপে প্ৰাক্তন আলফা তথা যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থ অনুপ চেতিয়া, নলবাৰীৰ পৰিবহন বিষয়া দিলিপ দাস, বিশিষ্ট নাট্যকাৰ-সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মা উপস্থিত থাকে।
যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি মৃণাল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক গৌতম কুমাৰ শৰ্মা, যুটীয়া সম্পাদকদ্বয় পাৰ্থ প্ৰতীম শৰ্মা, নিৰোদ দাস, বিত্ত সম্পাদক যোগেশ কলিতা, সাংস্কৃতিক সম্পাদক প্ৰণৱজ্যোতি তালুকদাৰে আতঁ ধৰা অনুষ্ঠানত উদ্বোধক মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কয় যে ভবেন বৰুৱা সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি আছিল। যাৰ নাটকত মৌলিক চিন্তা চৰ্চা হৈছিল। কিন্তু আজি সেই ভবেন বৰুৱাৰ পত্নী তথা ভিনেত্ৰী নলিনী বালা বৰুৱাৰ বৰ্তমান অৱস্থাক অনুধাৱন কৰা লোক নাই। এই ক্ষেত্ৰত যুৱ ছাত্ৰ পৰিষদে ভবেন বৰুৱাৰ আদৰ্শক জিয়াই ৰাখিবলৈ চেষ্টা কৰাটো গৌৰৱৰ বিষয়।
পুৱাৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সতীৰ্থ স্মৰণ, শিল্পী-সাহিত্যিকলৈ স্মৃতিতৰ্পণ তথা ভবেন বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আদি অনুষ্ঠান হৈ যায়।