বাঘবৰঃ নামনি অসমত এটাৰ পিছত এটাকৈ সংঘটিত হৈ আহিছে বাল্যবিবাহৰ ঘটনা। বাঘবৰত দুটাকৈ বাল্য বিবাহৰ ঘটনা সংঘটিত হোৱা বুলি জানিবপৰা গৈছে৷

এইবাৰ জালিয়াতিৰ কৰি ৰাইজৰ চকুত ধুলি দি এই বাল্য বিবাহ পতাৰ যো-জা চলাইছিল পৰিয়ালবৰ্গই৷

গাওঁবুঢ়াই জন্মৰ প্ৰমাণ পত্র জালিয়াতি কৰি দিয়াৰ সন্দেহ কৰা হৈছে৷ গাওঁবুঢ়াজনৰ বিৰুদ্ধে সেয়ে চাইল্ড লাইনৰ গোচৰ তৰা হৈছে৷ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷