
বিহালীঃ বাল্যবিবাহ এক সামাজিক ব্যাধি। এইকথা এতিয়াও অসমৰ গ্ৰামাঞ্চলত বহুলোকে বুজিবলৈ বাকী। সেয়ে প্ৰতিদিনেই লোকচক্ষুৰ জ্ঞাতে বা অজ্ঞাতে ৰাজ্যখনৰ চুকে-কোণে সংঘটিত হৈ আহিছে বাল্যবিবাহৰ দৰে ঘটনা।
এনে এক জীৱন ধ্বংসকাৰী ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰে এগৰাকী ১৭ বছৰীয়া কন্যাৰ। যোগীঘোপা আৰক্ষী থানাৰ অন্তৰ্গত মালেগৰৰ সমীপৱৰ্তী তিনকোনীয়াত এই বাল্যবিবাহৰ ঘটনা।
সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৎপৰতাত জিলা শিশু সুৰক্ষা বিষয়া আৰু আৰক্ষীয়ে বন্ধ কৰে বাল্য বিবাহ। কন্যাৰ বয়স ওঠৰ বছৰ নোহোৱাৰ লগতে দৰাৰ বয়সো মুঠে ২০ বছৰ। দৰা আৰু কইনা দুয়োগৰাকীৰে ঘৰ তিনকোনীয়াত দ্বিতীয় খণ্ডৰ।
বৃহস্পতিবাৰে কন্যা গৰাকীৰ গৃহত বিবাহৰ আয়োজন চলি থকা অৱস্থাত সংখ্যা লঘু সংগ্ৰাম পৰিষদৰ কৰ্ম কত্তা, জিলা শিশু সুৰক্ষাৰ বিষয়া কৰ্মচাৰী দল আৰু যোগীঘোপা আৰক্ষী বাহিনীয়ে বিশেষ অভিযোগৰ ভিত্তিত অভিযান চলাই বাল্য বিবাহ বন্ধ কৰি দিয়ে।
নাবালক অৱস্থাত বিয়া দিলে ছোৱালীগৰাকীৰ শাৰীৰিক ভাৱে বিভিন্ন ধৰণৰ জটিলতাৰ সমুখীন হ’ব লগা হয়। এই সম্পৰ্কে জন সাধাৰণে সজাগ হ’ব লাগে বুলি সংবাদ মাধ্যমৰ আগত সংখ্যালঘু পৰিষদ নেতা আব্দুল হামিদে মন্তব্য দাঙি ধৰে।