লালুকঃ আজি পবিত্ৰ শিক্ষক দিৱসৰ দিনাখনেই লখিমপুৰ জিলাৰ লালুকৰ শিঙিয়াত সংঘটিত হ’ল এক জঘন্য ঘটনা৷ এগৰাকী চাৰে তিনি বছৰীয়া নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলাই আটক হ’ল ত্ৰিশ বছৰীয়া যুৱক৷

মন্টু দাস নামৰ জঘন্য মানসিকতাৰ যুৱকজনে শিশুটিৰ ঘৰতেই সুযোগ বুজি এনে দুস্কাৰ্য সংঘটিত কৰাৰ চেষ্টা চলায়৷ পাছত পৰিয়ালৰ লোকে গম পাই লম্পট যুৱকজনক আটক কৰি লালুক আৰক্ষীক গতাই দিয়ে৷

ইতিমধ্যে অসুস্থ শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷ লালুক আৰক্ষীৰ আগত নিজৰ কু-কৰ্মৰ কথা স্বীকাৰ কৰিছে ধৃত যুৱকজনে৷