20
Jan
2018

গুৱাহাটীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পানী কেচুৱাক শিয়াল-কুকুৰৰ মূখত দলিওৱাৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে শুকুৰবাৰে নিশা গুৱাহাটী মহানগৰীৰ মাজ মাজিয়াত এটি পানী কেচুৱা উদ্ধাৰ হয়৷
ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ গুৱাহাটী ৰে’ল ষ্টেছনত পানী কেচুৱাটো উদ্ধাৰ হয়। মানৱতাক পুনৰ ভেঙুচালি কৰি কোনো হৃদয়হীন লোকে পানী কেচুৱাটোক ষ্টেছনৰ প্লেটফর্মত এৰি থৈ যায়৷
তাৰ পিছতে একাংশ যাত্ৰীয়ে কেচুৱাটোক প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে আৰু আৰপিএফক খবৰ দিয়ে৷ আৰপিএফৰ দলে পানী কেচুৱাটোক চমজি লৈ নিশাই চিকিৎসাৰ ব্যৱস্থা কৰে৷ পিছত ৰেল কৰ্তৃপক্ষৰ পৰা কেচুৱাটো চাইল্ডলাইনে চমজি লয়৷