প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে অসমৰো ঠায়ে ঠায়ে শিশু অপহৰণ কাণ্ড সংঘটিত হৈ অহাৰ বাতৰি প্ৰকাশ পাই আহিছে৷ ৰাজ্যত শিশু সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ কন্যা শিশুক অপহৰণ কৰি বিভিন্ন ৰাজ্যত অপকৰ্মত লিপ্ত কৰোৱাৰ সময়তে লক্ষিমপুৰ জিলাত এইবাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷

লক্ষিমপুৰৰ হাৰমতি বগলতিৰ এজন ব্যক্তিয়ে টকাৰ লোভত নিজ কন্যাক বিক্ৰি কৰিব ওলোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ৰবি টানা নামৰ এোজন অৰুণাচলী ব্যৱসায়ীয়ে এটি কন্যা শিশুক ৮০ হাজাৰ টকাৰ বিনিময়ত শিশুটিৰ পিতৃৰ পৰা ক্ৰয় কৰে৷ ব্যৱসায়ী জনে এছমাইল হুছেইন নামৰ এজন শিশু সৰবৰাহকাৰীৰ সহযোগত শিশুটিক পিতৃৰ পৰা ক্ৰয় কৰি লৈ যোৱাৰ পৰিকল্পনা কৰাৰ সময়তে ঘটনা সন্দৰ্ভত লক্ষিমপুৰ আৰক্ষীয়ে জানিব পাৰি শিশুটিক উদ্ধাৰ কৰে৷

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে শিশুটিৰ পিতৃ, ব্যৱসীয়া টানা ৰবি আৰু সৰবৰাহকাৰী এছমাইল হুছেইন নামৰ লোককেইজন আটক কৰি অধিক তথ্যৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে৷ উল্লেখ্য যে, বিগত কেইবাদিনৰ পৰা লক্ষিমপুৰৰ লগতে ৰাজ্যৰ কেইবাখনো জিলাত শিশু সৰবৰাহৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷