
কোকৰাঝাৰঃ ৰাজ্যৰ সম্ভাৱনাপূৰ্ণ শিশু বিজ্ঞানী সকলৰ বিকাশ আৰু উৎসাহ যোগোৱাৰ উদ্দেশ্যৰে কোকৰাঝাৰত বুধবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক গোটৰ ৰূপালী জয়ন্তী৷
কোকৰাঝাৰ চহৰত আৰম্ভ হোৱা শিশু বিজ্ঞান সমাৰোহৰ ৰূপালী জয়ন্তীৰ অনুষ্ঠানত ইতিমধ্যে বুধাবৰৰ প্ৰথম দিনাটোত ৰাজ্যৰ ৩৩ খন জিলাৰ পৰা শিশু বিজ্ঞানী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰাক্তন শিশু বিজ্ঞানীৰ অংশগ্ৰহণৰে উৎসৱমুখৰ হৈ পৰিছে ৷
কাৰ্যসূচী অনুসৰি বিয়লি ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ ৰূপালী জয়ন্তী উদযাপনৰ মুখ্যদ্বাৰ বন্তি প্ৰজ্বলনৰে শুভ উদ্বোধন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে৷ আনহাতে বিয়লি এক সাংবাদমেলত অসম বিজ্ঞান তথ্য প্ৰযুক্তি আৰু পৰিবেশ পৰিষদৰ সঞ্চালক ড০ অৰুপ কুমাৰ মিশ্ৰই বিটিএডি অঞ্চলত সুপ্ত হৈ থকা শিশু বিজ্ঞানী সকলৰ প্ৰতিভা ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ ৰূপালী জয়ন্তী উদযাপনৰ জৰিয়তে বিকাশ হ’ব বুলি কয়৷
সমগ্ৰ ৰাজ্যখনতে ইয়াৰ সুফল সুপ্ত হৈ থকা শিশু বিজ্ঞানী সকলেও লাভ কৰিব ৷ মিশ্ৰই সদৰি কৰা মতে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ ৰূপালী জয়ন্তী উদযাপনৰ অনুষ্ঠানত ৰাজ্যখনৰ ৩৫০গৰাকী শিশুবিজ্ঞানী, ৬৬গৰাকী অভিভাৱক শিক্ষক, ৮০গৰাকী আমন্ত্ৰিত প্ৰাক্তন শিশু বিজ্ঞানীকে ধৰি অসম চৰকাৰৰ বৈজ্ঞানিক উপদেষ্টা ড০ যতীন গোস্বামী, বিজ্ঞান প্ৰসাৰৰ প্ৰাক্তন সঞ্চালক ড০ ভি বি কাম্বলে, আইআইটিৰ গুৱাহাটীৰ ড০ অনুপ শৰ্মাকে ধৰি আন কেবাগৰাকী বিজ্ঞানীয়েও অংশগ্ৰহন কৰিব৷
আনহাতে কোকৰাঝাৰত অনুষ্ঠিত ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ সৈতে সংগতি ৰাখি বিটিচিৰ জনস্বাস্থ্য কাৰকৰী বিভাগ, মৎস বিভাগ,কৃষি বিভাগ, এনটিপিচি আৰু বিআৰপিএলে বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ উল্লেখ্য অহা ২৮ অক্টোবৰত অৰ্থাৎ অন্তিমদিনা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক গোটৰ ৰূপালী জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।