23
Nov
2018

আটাহ (আমেৰিকা): দুই কিশোৰে চুৰি কৰিলে এখন বিমান। শুনিবলৈ আচহুৱা যেন লাগিলেও ই সঁচা। চিনেমাৰ কাহিনীৰ দৰে লগা এই চুৰিকাণ্ড সমঘটিত হয় আমেৰিকাৰ আটাহত।
১৪ আৰু ১৫ বছৰীয়া কিশোৰ দুজনে বন্ধুৰ লগত থকে পূব আটাহত। প্ৰপ্ত তথ্য মতে, তেওঁলোকে এসপ্তাহৰ পূৰ্বে ঘৰ এৰিছিল পূব আটাহলৈ বুলি।
আদবাটতে দুই কিশোৰৰ মন গ'ল বিমানেৰে গন্তব্যস্থানলৈ যাবলৈ। এখন ট্ৰেক্টৰেৰে তেওঁলোক পালেগৈ এটা বেচৰকাৰী ফ্লায়িং ক্লাব। নিশা ক্লাবৰ চৌহদত প্ৰৱেশ কৰি এখন এটা ইঞ্জিনযুক্ত সৰু বিমানত দুয়ো বহি লৈ ইঞ্জিন চলাই দিলে।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে, বিমান বন্দৰৰপৰা উৰা মাৰি দুই কিশোৰে এয়াৰক্ৰাফ্টখন বাৰ্ণাল বিমান বন্দৰ পোৱালেগৈ।
উটাহ কান্ট্ৰি শ্বেৰিফ অ'ফিচে এই দুই কিশোৰৰ দিঃসাহসিক বিমান চুৰিৰ ঘটনাটো ফে'চবুকত আপলোড কৰিছে আৰু ইয়াৰ পাঁচ শতাধিক শ্বেয়াৰ হৈছে।
অৱশ্যে এওঁলোক দুজনক ইতিমধ্যে কৰায়ত্ত কৰা হৈছে আৰু এটা ডিটেনশ্বন চেন্টাৰত ৰখা হৈছে।