বেইজিংঃ সোমবাৰে নিশা ৫.৩ প্ৰাৱল্যৰ এক শক্তিশালী ভূমিকম্পই চীনক জোকাৰি যায়৷ 

চীনৰ ছিচুৱান প্ৰান্তত কালি নিশা আৰু আজি শক্তিশালী ভয়ংকৰ ভূমিকম্পৰ জোকাৰণিৰ অনুভৱ কৰা হয়৷ এই ভূমিকম্পৰ ফলত ১১ গৰাকী লোক মৃত হোৱাৰ লগতে ১২২ জন লোক গুৰুতৰভাৱে আহত বুলি জানিব পৰা গৈছে৷ 

চীন ভূমিকম্প কেন্দ্ৰ(CENC)ৰ য়ে জানিবলৈ দিয়া মতে ৬.০ ৰিখটাৰ স্কেলত প্ৰথমটো ভূমিকম্প সোমবাৰে নিশা স্থানীয় সময়নুসৰি ১০.৫৫ বজাত ইবিন চহৰৰ চাংগিংগ এলেকাত অনুভূত হয়। আনটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় মঙলবাৰে পুৱা। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল ৫.৩।