
ডিজিটেল ডেস্কঃ চীন-পাকিস্তানৰ মাজত হ’বলগীয়া ব্যয়বহুল অৰ্থনৈতিক কৰিড’ৰক লৈ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত চলি থকা বিতৰ্কৰ অন্ত নৌপৰোতেই এইবাৰ ৰঙাচীনে হাত মেলিছে আফগানিস্থানলৈ। বেপাৰ-বাণিজ্যৰ পৰিসৰ বৃদ্ধি কৰিবলৈ ইতিমধ্যে চীনে মিতিৰ পাতিছে আফগানিস্থানৰ সৈতে৷
চীনৰ বেল্ট এণ্ড ৰোড ইন্নিচিয়েটিভ চমুকৈ বি আৰ আইৰ বৃহৎ প্ৰকল্পটোৱে পাকিস্তানৰ লগতে আফগানিস্থানকো সামৰি লৈ পৰিকল্পনা কাৰ্যকৰ হোৱা বুলি বৱাও ফৰাম অব এছিয়াৰ বাৰ্ষিক অধিবেশনত আজি মুকলি কৰা এছিয়ান কম্পিটিটিভনেচ এনুৱেল ৰিপ’ৰ্ট ২০১৮ শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে৷
২০১৭ বৰ্ষৰ ডিচেম্বৰ মাহতে চীনে স্পষ্ট কৰি দিছিল যে আফগানিস্থানৰ সৈতে বাণিজ্যিক মিত্ৰতা গঢ়াৰ পৰিকল্পনা হাতত লোৱা হ’ব৷ চীনৰ এই ৫০ বিলিয়ন আমেৰিকান ডলাৰৰ বৃহৎ প্ৰকল্প ভাৰতৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছিল৷ বৱাও ফৰামৰ অধিবেশনত প্ৰকাশ পোৱা প্ৰতিবেদনৰ তথ্যমতে এই কাম ইতিমধ্যে আৰম্ভ হৈছে৷ অৰ্থাত চীনা-পাক অৰ্থনৈতিক কৰিড’ৰ এতিয়া আফগানিস্থানলৈ সম্প্ৰসাৰিত হ’ব৷
উল্লেখ্য যে পাকিস্তান অধ্যূষিত কাশ্মীৰৰ মাজেৰ হ’বলগীয়া এই অর্থনৈতিক কৰিডৰৰ ভাৰতে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিবাদ জনাই আহিছে৷ কিন্তু শুনোতা নাই। আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উন্নয়নৰ প্ৰকল্পবোৰ স্বচ্ছ, ন্যায়সংগত আৰু সমানতাৰ ভিত্তিত হ’ব লাগে বুলি প্ৰকল্পৰ বিৰোধীতা কৰি ভাৰতৰ পৰা চীনৰ ৰাষ্ট্ৰদূত গৌতম বাম্বৱালেয়ে অলপতে চীনৰ হংকঙৰ পৰা প্ৰকাশিত বাতৰি কাকত চাউথ চাইনা মৰ্নিং পোষ্ট কাকতৰ সাক্ষাতকাৰত মন্তব্য দিছে৷ কিন্তু চীনে স্থিতি অব্যাহত ৰাখিছে।