
তিনিচুকীয়াঃ অহা ৪ বছৰত ৰাজ্য চৰকাৰে স্থাপন কৰিবলগীয়া মহাবিদ্যালয় সমূহ দীনদয়াল উপাধ্যায়ৰ নামত কৰিব খোজাত দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে৷ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰাৰ সময়তে তীব্ৰ প্ৰতিক্ৰিয়া কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জ্যোতিপ্ৰসাদ চুতীয়াই৷
সংগঠনটোৰ নেতাগৰাকীয়ে চৰকাৰৰ এনে সিদ্ধান্তক ধিক্কাৰ দি অসমৰ জাতীয় জীৱন আৰু বায়ু-পানীৰ লগত সংগতি নথকা লোক এজনৰ নামত মহাবিদ্যালয় স্থাপন কৰা কাৰ্যই প্ৰকৃততে জাতীয় নায়ক উপাধি লাভ কৰা সোণোৱালে দিল্লীৱালাৰ ওচৰত নতশিৰে মূৰ দোৱাঁইছে বুলি কয়৷ অসমৰ জাতীয় জীৱনৰ লগত জড়িত বহুতো পুৰোধা ব্যক্তি আছে যিসকলৰ ত্যাগে বৃহত্তৰ অসমীয়া জাতিক জীপাল কৰি ৰাখিছে৷
তেনে ব্যক্তিৰ নামত মহাবিদ্যালয় স্থাপন কৰাতো আমি বিচাৰো বুলি কৈ নেতাগৰাকীয়ে ভূমিপুত্ৰ হিচাপে অন্যান্য জনগোষ্ঠীবোৰৰ দৰে আমিও অৱহেলিত বুলি কয়৷ চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি জ্যোতিপ্ৰসাদ চুতীয়াই অসমত স্থাপন কৰিবলগীয়া আদৰ্শ মহাবিদ্যালয় সমূহৰ ভিতৰত দুখনৰ নাম চুতীয়াৰ সৰ্বশ্ৰেষ্ঠ ৰজা ৰত্নধ্বজ ওৰফে গৌৰীনাৰায়ণৰ নামত আৰু বীৰাংগনা সাধনীৰ নামত নামাকৰণ কৰাৰ দাবী জনায়৷
অসমৰ নৱ-বৈষ্ণৱবাদ আন্দোলনৰ অন্যতম পুৰোধা ব্যক্তি সোণাৰাম চুতীয়া, মোৱামৰীয়া বিদ্ৰোহৰ বীৰ নেতা বদৌচা, মহামাণিক্য, মটক ৰজা সৰ্বানন্দ সিংহ আদিৰ দৰে লোকসকলৰ নমেৰে মহাবিদ্যালয়সমূহ স্থাপন কৰাৰ দাবী জনায় নেতাগৰাকীয়ে৷
অৱহেলিত জনগোষ্ঠীবোৰক মহীয়ান কৰি তোলা ব্যক্তিৰ নামত একোখন আদৰ্শ মহাবিদ্যালয় স্থাপন কৰি চৰকাৰখনে সকলোৰে ত্যাগক স্বীকৃতি দিয়াৰ প্ৰয়োজন আছে বুলিও কয় তেওঁ৷ পণ্ডিত দীনদয়ালৰ সন্মানৰ বাবে এখন মহাবিদ্যালয় স্থাপনেই যথেষ্ট ৷ চৰকাৰে শীঘ্ৰে এনে সিদ্ধান্ত বাতিল কৰি অসমৰ সকলো জাতি-জনগোষ্ঠীৰ প্ৰতি সম-মৰ্যাদা প্ৰদৰ্শন কৰি পুৰোধা ব্যক্তিসকলৰ সন্মান প্ৰদৰ্শনেৰে একোখন মহাবিদ্যালয় স্থাপন কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে৷