চিচিবৰগাঁওঃ শৈশৱ বুলি ক'লেই বোকা পানী, লুংলুঙীয়া বাট-পথত খেল-ধেমালি কৰাৰ কথা মনলৈ আহে৷ জোনাক সৰা নিশা আইৰ কোলাত তেজীমলাৰ সাধু শুনি টোপনি যোৱাৰ কথা, সপোনৰ বালিঘৰ সাজি দৰা-কইনা খেলৰ কথা, তামোলৰ ঢকোৱাত উঠি সপোনৰ দেশলৈ ভ্ৰমণ কৰাৰ কথা, শিক্ষকৰ এচাৰিৰ কোব খোৱাৰ ভয়ত বিদ্যালয়লৈ নোযোৱাৰ কথা আদি শৈশৱৰ ধেমালিৰে পৰিপূৰ্ণ জীৱনৰ ভিন্ন ৰঙীণ পল-অনুপল সুঁৱৰি নষ্টালজিক অনুভূতিৰে জীপাল কৰি তুলিলে মৰিধল মহাবিদ্যালয়ৰ এটি জোনাকী সন্ধ্যা।

এটা মুহূৰ্তৰ কাৰণে হ’লেও শৈশৱৰ মধুৰতম সময়বোৰলৈ ওভতি গ’ল এজন এজনকৈ বহুজন। যোৱা ৬ আগষ্টত এক নিৰিবিলি পৰিৱেশত শিক্ষক-ছাত্ৰ, কবি- শিল্পীসকলৰ মধুৰ স্মৃতি আৰু ৰসাল আলাপেৰে মায়াময় কৰি তুলিলে সৃষ্টিময়তাত বিলীন হৈ ভালপোৱা প্ৰত্যেকখন হৃদয়।

মহাবিদ্যালয়ৰ এমুঠিমান ছাত্ৰ- ছাত্ৰীৰ কলাত্মক প্ৰচেষ্টাত গঢ় লৈ উঠা ‘মৃণালজ্যোতি নাট্য গোষ্ঠীৰ’ অগতানুগতিক পদক্ষেপ হিচাপে উক্ত দিনা নৃত্য-কবিতা আৰু ৰসাল আলাপেৰে অনুষ্ঠিত কৰা ‘শৈশৱৰ ধেমালি’ শীৰ্ষক অনুষ্ঠানটিৰ উদ্ধোধন কৰে মৰিধল মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ মৃণালজ্যোতি নাথে।

সঞ্জীৱ লালুঙৰ নেতৃত্বত জোনবিৰি তিৱা কৃষ্টি প্ৰদৰ্শনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। মৃণালজ্যোতি নাট্য গোষ্ঠীৰ হৈ বিশ্বজিত বৰুৱা, বিশ্বজ্যোতি দাস আৰু কৌশিক চেতিয়াই সাৱলীল উপস্থাপনেৰে আঁত ধৰা অনুষ্ঠানটিত শৈশৱৰ পাহৰিব নোৱৰা স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰাৰ লগতে কবিতাৰ ৰস প্ৰদান কৰে মহাবিদ্যালয়ৰ সহ অধ্যাপক ড০ পূৰৱী দুৱৰা আৰু ড০ জোনালী বৰুৱাই।

একেদৰে উত্তৰ ধেমাজি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মিনেশ্বৰ চেতিয়া, মৰিধল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ বৰুৱাই শৈশৱৰ স্মৃতি ৰোমন্থন কৰি বৰ্ণময় অভিজ্ঞতাৰ কথা উল্লেখ কৰে। ধেমাজিৰ উদীয়মান নাট্যশিল্পী ৰুপান্তৰ বৰপাত্ৰগোঁহাইয়ে ‘শৈশৱৰ শৈল্পিক যাত্ৰাৰ ৰঙীণ স্মৃতি’ বিনিময় কৰাৰ লগতে নাট্য সংলাপেৰে সকলোকে আপ্লুত কৰে।

ইফালে মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পলাশ পৰাণে জীৱনক আলোড়িত কৰা শৈশৱৰ ৰসভৰা স্মৃতিৰ পৃষ্ঠা লুটিয়াই নষ্টালজিক অনুভূতিৰ বিনিময় কৰাৰ লগতে কবিতা পাঠ কৰে। ইফালে শৈশৱৰ কথাৰ মাজেৰে গীত পৰিৱেশন কৰি অনুষ্ঠানটিক উপভোগ্য কৰি তুলে শিল্পী হোমেন কোঁৱৰ, কাব্যজ্যোতি বৰগোঁহাই, ললিত শৰ্মা, পৰিস্মিতা লাহন, গীতিমণি চুতীয়া, বৰ্ণালী চেতিয়া আৰু বিপুল লালুঙে। ইফালে অনুষ্ঠানৰ শেষত বিশ্বজিত বৰুৱা আৰু বিশ্বজ্যোতি দাসৰ কবিতা আবৃত্তিৰে অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰে।