মঙলদৈঃ বুধবাৰে মঙলদৈত থকা জলসিঞ্চন বিভাগৰ কাৰ্য্যালয়ত উপস্থিত হয় ভাৰতীয় অপৰাধ অনুসন্ধান বিভাগ৷ উল্লেখ্য যে জলসম্পদ বিভাগৰ একাংশ ঠিকাদাৰৰ অভিযোগৰ ভিত্তিত ২০১৪-১৫ বৰ্ষতে মথাউৰি নিৰ্মানৰ বাবদ অহা ২.৭৫ কৌটি টকাৰ কামৰ হিচাপ খেলিমেলিৰ অভিযোগৰ তদন্ত কৰিবলৈ উপস্থিত হয় CIDৰ দলটো।

ইফালে জানিব পৰা মতে¸ পূৰ্বৰ অভিযন্তা ভোগেশ্বৰ শইকীয়াৰ দিনত নোৱা নৈৰ মথাউৰী মেৰামতিৰ বাবে আৱন্তিত ২.৭৫ লাখ টকাৰো ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন হৈছিল। মথাউৰি নিৰ্মাণৰ কাম অতি নিম্নমানৰ হোৱা হেতুকে বাৰিষাৰ পানীয়ে মথাউৰি ভাঙি নৈৰ দাঁতিকাষৰীয়া বহু অঞ্চলৰ বিস্তৰ ক্ষতি সাধন কৰিছিল৷ 

CIDৰ দলটো মঙলদৈত উপস্থিত হৈ নোৱা নৈৰ মথাউৰি পৰ্য্যবেক্ষন কৰে। ইফালে এই সমস্ত দুৰ্নীতিৰ তদন্ত আৰম্ভ কৰা বুলিও জানিবলৈ দিয়ে CIDৰ দলটোৱে৷ অৱশ্যে ২০১৪-১৫ বৰ্ষত মুখ্য অভিযন্তাৰ দায়িত্বত থকা ভোগেশ্বৰ শইকীয়াই ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে।