ৰঙিয়াঃ যোৱা ২৪ ঘন্টাত ৰঙিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত যেন ভূমিকম্পৰ হে জোকাৰণিৰ সৃষ্টি হৈছে৷ ৰঙিয়াক চক বজাৰত এতিয়া ৰঙিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় সন্দৰ্ভত সৰৱ চৰ্চা৷

কোনোৱে তদন্ত সঠিক হ'ব লাগে বুলি কোৱাৰ বিপৰীতে আন কোনোৱে সিহঁতক জেললৈ পঠিয়াব লাগে বুলি কোৱাকুই আৰম্ভ কৰিছে৷ সকলোৰে যেন ক্ষোভ আছে কাৰ্যালয়টোৰ বিৰুদ্ধে৷ সকলোৱে প্ৰশ্ন কৰিছে, "ধনী লোকক চৰকাৰী ঘৰ দিয়াবোৰ কেতিয়া জেললৈ যাব?"

ৰঙিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ ভিজিলেন্স আৰু দুৰ্নীতি নিবাৰক শাখাৰ লোক উপস্থিত হৈ নথি-পত্ৰৰ পৰীক্ষা কৰাৰ পাছতে এনে পৰিৱেশৰ সৃষ্টি হৈছে। কাৰ্যালয়টোৰ অধীনত পঞ্চায়তৰ বিভিন্ন আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ অহাৰ মাজতে শনিবাৰে হঠাৎ ভিজিলেন্স আৰু দুৰ্নীতি নিবাৰক শাখাৰ লোক উপস্থিত হয়।

ইন্দিৰা আৱাস যোজনাৰ গৃহৰ নামত দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰাৰ বাবে দলটো উপস্থিত হোৱা বুলি জানিব পৰা গৈছে। এটা আই ডি নম্বৰৰ বিপৰীতে একাধিক আই ৱাই গৃহ আৱন্টন দিয়াৰ অভিযোগ আছে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টোৰ বিৰুদ্ধে।

দলটোৱে প্ৰকৃত দৰিদ্ৰ লোকক বঞ্চিত কৰি একেটা পৰিয়ালক একাধিবাৰ ঘৰ দিয়া সন্দৰ্ভতো তদন্ত কৰিব বুলি জানিব পৰা গৈছে। দুৰ্নীতি নিবাৰক শাখাৰ এগৰাকী বিষয়াই শনিবাৰে কাৰ্যালয়টোত উপস্থিত হৈ ইন্দিৰা আৱাস যোজনাৰ আঁচনিৰ গৃহৰ আই ডি নম্বৰৰ তালিকা তন্ন তন্ন কৈ পৰীক্ষা কৰে।

জানিব পৰা মতে, ২০০৭-২০১২ বৰ্ষত আৱন্টন দিয়া ইন্দিৰা আবাস যোজনাৰ গৃহৰ তথ্য বিচাৰে দলটোৱে। আই ডি নম্বৰ প্ৰস্তুত কৰা ধৰণ আৰু হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া সন্দৰ্ভতো দলটোৱে প্ৰশ্ন সোধা বুলি জানিব পৰা গৈছে৷

দলটোৱে কাৰ্যালয়টোত অভিযান চলোৱাৰ সময়ত একাংশ কৰ্মচাৰী উপস্থিত আছিল যদিও খণ্ড উন্নয়ন বিষয়া কমলী শৰ্মা উপস্থিত নাছিল। তদন্তৰ খাতিৰত সাংবাদিকক কোনো কথা জনোৱাৰ পৰা বিৰত আছে ভিজিলেন্স আৰু দুৰ্নীতি নিবাৰক শাখা৷