মৰিয়নিঃ যোৰহাটৰ জনগোষ্ঠীয় তথা জাতীয়তাবাদী সংগঠনে আজি এখন নাগৰিক সভা অনুষ্ঠিত কৰে৷ আটছা, আটাছু, গণ অধিকাৰ সংগ্ৰাম সমিতি, আমছু, চুতীয়া, আক্ৰাছুকে আদি কৰি বিভিন্ন যোৰহাটৰ দল সংগঠনে বিষ্ণুৰাম বৰুৱা হলত সঞ্জয়কৃষ্ণ তাতীৰ সভাপতিত্বত এখন নাগৰিক সভা অনুষ্ঠিত কৰে।

উক্ত সভাত দুনীতিৰ বিৰূদ্ধে কেইবাটাও ৰাইজে কেইবাটাও প্ৰস্তাৱ লয়। যোৰহাটৰ কেইবাজনো বিশিষ্ট অধিবক্তা, নাগৰিক আৰু ত্ৰিশটা জাতীয় সংগঠনে অংশগ্ৰহণ কৰা সভাত যোৰহাটৰ বিভিন্ন দুনীতি সম্পৰ্কত আলেচনা কৰাৰ উপৰিও বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু সাংসাদ তাছাৰ ভূমিকা একেবাৰে নিস্প্ৰভ আৰু উদেশ্য প্ৰণোদিত বুলি উল্লেখ কৰে।

অধিবক্তা ৰিন্তু গোস্বামী আৰু ইন্দ্ৰজিত কাকতিয়ে দুনীতিক সুৰক্ষা দিব বিচৰা জনপ্ৰতিনিধি দুজন অনাগত দিনত ৰাইজৰ ৰোষত পৰা সম্ভাৱনা আছে বুলি সৰ্তক কৰি দিয়ে। জিলাখনত উত্থাপিত বিভিন্ন দুনীতি সম্পৰ্কত কঠোৰ প্ৰদক্ষেপ লবলৈ আহ্বান জনায়।

সভাই যোৰহাট জোকাৰি যোৱা আনটাইদ ফাণ্ড কেলেংকাৰীৰ তদন্ত বহু আগবঢ়াৰ পিছতো কৌশলগতভাৱে চি আই ডিলৈ হস্তান্তৰ কৰাতো বিৰোধ কৰি এই নিৰ্দেশ বাতিল কৰিবলৈ দাবী জনায়। কেলেংকাৰীৰ মূল অভিযুক্ত ছোলাংকীক দহ দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।