
গুৱাহাটীঃ নৱবৰ্ষৰ আৰম্ভণিতে বি জে পি চৰকাৰে আসমলৈ মাতি আনিব মহাকাল! সংসদৰ চলিত শীতকালীন অধিৱেশনৰ ৪ জানুৱীৰত কেন্দ্ৰীয় চৰকৰে নাৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ সংসদত উত্থাপন কৰাৰ সম্ভাৱনা প্ৰায় নিশ্চিত হৈ পৰিছে।
চৰকাৰৰ এনে কাৰ্যৰ বিৰোধিতাৰে গুৱাহাটী প্ৰেছ ক্লাবত দেওবাৰে এক সংবাদ মেল আয়োজন কৰে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই।
সংবাদমেলত বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁয়ে কয় যে গণতন্ত্ৰ আৰু অসমবিৰোধী বিধেয়কখন আইনত পৰিণত হ’লে সমগ্ৰ আসমীয়া জাতি ধ্বংস হৈ যাব।
যিহেতু লোকসভাত বি জে পি সংখ্যাগৰিষ্ঠ, সেয়ে বিধেয়কখন অতি সহজে নিম্ন সদনত গৃহত হ’ব। গতিকে ইয়াক বাধা দিবলৈ হ’লে সমগ্ৰ অসমীয়া জাতি একত্ৰিত হ’ব লাগিব আৰু আঞ্চলিক পৰ্যায়ত শাখা গঠন কৰি ইয়াৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিব লাগিব।
এই ক্ষেত্ৰত চৰকাৰৰ মিত্ৰদল অ গ পৰ ভূমিকাক লৈ যথেষ্ট অসন্তুষ্টি প্ৰকাশৰ কৰে ডঃ গোহাঁয়ে। অসমবিৰোধী স্থিতি লোৱা বি জে পিৰ লগত মিত্ৰতা ভংগ কৰি অসমৰ ৰাইজৰ লগত মিত্ৰতা স্থাপনৰ আহ্বান জনায়। ইপিনে বিশিষ্ট সাহিত্যিক তথা প্ৰাক্তন আৰক্ষী বিষয়া হৰেকৃষ্ণ ডেকাই বিধেয়ক বিৰোধিতা কৰি কয় যে নাৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত হ’লে সমগ্ৰ অসম চুক্তিক ভিত্তি কৰি চলি থকা NRC উন্নীতকৰণ প্ৰক্ৰিয়া আৰ্থহীন হৈ পৰিব।
NRCৰপৰা বাদ অনুপ্ৰেৱশকাৰীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব। গতিকে অসম অন্দোলন আৰু অসম চুক্তিৰ ফলত জন্মলাভ কৰা অ গ প দলে কিহৰ স্বাৰ্থত বি জে পিয়ে মিত্ৰতা স্থাপন কৰি আছে বুলি প্ৰশ্ন উত্থাপন কৰে তেওঁ।
ইপিনে সংবাদিক মনজিৎ মহন্তই কৈ যে বি জে পি চৰকাৰৰ একাশং নেতাই বিধেয়কখন গৃহীত হ’লেও অসমত হিন্দু বাংলাদেশীসকলক অসমত সংস্থাপিত কৰা নহয় বুলি কোৱাৰ কোনো ভিত্তি নাই। কাৰণ ভাৰতীয় সংবিধান অনুসৰি ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পাছত ভাৰতীয় নগৰিক এজনে ভাৰতৰ যিকোনো স্থানতে বসবাস কৰিব পৰে।