-
সৰ্বানন্দ সোণোৱালৰ মৌনতা খিলঞ্জীয়াৰ ক্ষতিকাৰক --- যুগল বৰুৱা
-
শৰীৰত অসমীয়া তেজ থকা বিধায়ক সকলে পদত্যাগ কৰাক ---- দেৱঋষি চেতিয়া
জাতীয় নায়ক সোণোৱাল, বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহৰ ঘেৰাও দল-সংগঠনৰ

ডিব্ৰুগড়ঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লেই-লেই,ছেই-ছেই ধ্বনিৰে উত্তাল হ'ল চাবুৱা। অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বলপূৰ্বক ভাৱে জাপি দিবলৈ কচৰৎ চলোৱা কেন্দ্ৰীয় চৰকাৰক হাঁহিমুখে সমৰ্থন জনোৱা জাতীয় নায়ক আখ্যা পোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জাতীয় খলনায়ক আখ্যা দি আজি সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুলুক গাঁওৰ বাসগৃহ ঘেৰাও কৰে ।
প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায়-হায়, কেন্দ্ৰীয় চৰকাৰ হায়-হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল কৰক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্ল'গানেৰে প্ৰায় ঘন্টা সময় মুখ্যমন্ত্ৰী সোণোৱালৰ বাসগৃহৰ ঘেৰাও কৰি পৰিবেশ উত্তাল কৰি তোলে। আন্দোলনত অংশ লৈ সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই কয় অবৈধ বাংলাদেশীক টালি-টোপোলা বান্ধিবলৈ আহ্বান জনোৱা মোডী চৰকাৰে এতিয়া অবৈধ বাংলাদেশীক টোপোলা খুলি থাকিবলৈ ব্যৱস্থা কৰিছে। বিজেপিৰ এই কাৰ্য্য সহ্য কৰা নহ'ব ।
জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰী সোণোৱালৰ মৌনতা অসমৰ সকলো খিলঞ্জীয়া লোকৰ বাবে ক্ষতিকাৰক বুলিও তেওঁ মত প্ৰকাশ কৰে। আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় দল-সংগঠনৰ সহযোগত আজি চাবুৱা চাৰিআলিত টায়াৰ জ্বলাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা বাসগৃহ ঘেৰাও কৰে । প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল'গানেৰে প্ৰায় তিনিঘন্টা সময় টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।
আন্দোলনৰ কাৰ্যসূচীত অংশ লৈ মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক দেৱঋষি চেতিয়াই কয় গণতান্ত্ৰিক প্ৰতিবাদৰ ভাষা নুবুজা এইখন চৰকাৰৰ দিনতে আমি স্বাধীন অসম বিচৰাৰ বাহিৰে বিকল্প নাই৷ কেন্দ্ৰীয় চৰকাৰে অসমীয়াৰ প্ৰতিবাদৰ ভাষা বুজি নাপালে অসমীয়াই স্বাধীন অসম বিচৰাৰ বাদে কোনো বিকল্প নাই বুলি কয় ৷ শৰীৰত অসমীয়া তেজ অথবা আই অসমীক ভালপোৱা প্ৰতিজন বিজেপিৰ বিধায়কক সোণোৱাল চৰকাৰৰ পৰা পদত্যাগ কৰি ৰাইজৰ পক্ষত থিয় হ’বলৈ আহ্বান জনায় নেতাগৰাকীয়ে ।
তদুপৰি ডিব্ৰুগড় জিলাৰ লাহোৱালত বৃহত্তৰ গণ সন্মিলন, কৃষক মুক্তি সংগ্ৰাম সমিতি, আহোম গণ মঞ্চ আৰু অসমীয়া যুৱ মঞ্চই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ প্ৰতিবাদকাৰীসকলে প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ডিকমত ডিকমৰ মহিলাসকলে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধিক্কাৰ দিয়ে । হাতীআলিত হাতীআলিবাসী ৰাইজৰ সহযোগত ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে ।