26
Feb
2017

গোৰেশ্বৰঃ বাগসা জিলা গোৰেশ্বৰৰ অগ্ৰণী দু:সাহসিক ক্ৰীড়ানুষ্ঠান শিখৰ এডভেন্সাৰ ক্লাৱৰ উদ্যোগত আৰু আজি গুৱাহাটীৰ কামাখ্যাৰ নীলাচল পাহাৰত চলিছে অষ্টম বাৰ্ষিক শৈলাৰোহণ প্ৰশিক্ষণ শিবিৰৰ।
গোৰেশ্বৰৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ মুঠ ৩৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা শিবিৰটো শিলাময় পাহাৰ বগোৱা বিভিন্ন কলা কৌশলৰ শিকোৱাৰ লগতে দু:সাহসিক ক্ৰীড়াৰ বিভিন্ন দিশৰ ব্যৱহাৰিক আৰু তথ্যগত পাঠ প্ৰদান কৰা হয়।
দু:সাহসিক ক্ৰীড়াক নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ লগতে এনে ক্ৰীড়াৰ জৰিয়তে কেৰিয়াৰ গঢ়াৰ কামত আগভাগ লৈ থকা ক্লাৱটোৰ এনে শিবিৰৰ প্ৰতি নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
আজিৰ শৈলাৰোহণ শিবিৰটোত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে মলয় কুমাৰ ডেকা, উৎপল দৈমাৰী, পূৰ্ণ ডেকা, নিতাই চক্ৰৱৰ্ত্তী, মুনীন বড়ো আৰু দিবাকৰ দাসে।