
newsnextone.com | ডিজিটেল ডেস্কঃ ফুটবলৰ ৰংত ডুবিছে ৰাছিয়া৷ দেশ-বিদেশৰ খেলুৱৈ, অতিথি, দৰ্শকৰে ভৰি পৰিছে ৰাছিয়া৷ হোটেল, ৰেষ্টুৰেণ্টত ভিৰ কৰিছে গ্ৰাহকে৷ ৰুছৰ ঐতিহাসিক ঠাই ভ্ৰমণ কৰি ফুৰিছে পৰ্যটকে৷ ৰাজপথত বৰ বৰ ফুটবলৰ হৰ্ডিং, বেনাৰ৷
প্ৰথমবাৰ ৰুছত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে৷ ৰুছৰ জনসাধাৰণে লিঅ'নেল মেছী, নেইমাৰৰ দৰে ফুটবলাৰৰ খেল চাবলৈ ৰৈ আছে৷ ফুটবলৰ চুপাৰষ্টাৰক সাক্ষাৎ কৰিব খোজে ৰুছৰ ফুটবল বলিয়া মানুহবোৰে৷ ২১ সংখ্যাক বিশ্বকাপ ফুটবলৰ প্ৰথম খন মেচ বৃহস্পতিবাৰে চৌদি আৰব আৰু ৰুছৰ মাজত অনুষ্ঠিত হ’ব৷ লুজনিকী ষ্টেডিয়ামত ৮০ হাজাৰ দৰ্শকে চাব প্ৰথমখন খেল৷
প্ৰথম বাৰ ১৯৩০ চনত উৰগুৱেত আৰম্ভ হোৱা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা প্ৰতি ৪ বছৰৰ মূৰকত আয়োজন হৈ আহিছে৷ এইবাৰ ২১ সংখ্যাক ফুটবল প্ৰতিযোগিতা৷ বৃহস্পতিবাৰে মস্কোৰ লুজনিকী ষ্টেডিয়ামত শুভৰাম্ভ হ’ব৷ ১৯৩০ চনত ৪,৬৪০০০ মানুহে খেল চাইছিল৷ ১৩টা দল আছিল৷ এতিয়া ৮৮ বছৰ পিছত দল হৈ পৰিল ৩২ টা৷ ১১ স্থানত খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ কোটি কোটি জনতাই ষ্টেডিয়াম আৰু মোবাইল, টিভিত খেল চাব৷
ৰাছিত এইবাৰ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাক লৈ এক উৎসাহজনক পৰিবেশ৷ ফুটবল বলিয়া মানুহেৰে ভৰি পৰিছে ৰুছ৷ চৌদিশে কেৱল ফুটবলৰ লৈ উল্লাস৷ কিছুসময়ৰ পাছতে আৰম্ভ হ'ব বিশ্ব ফুটবলৰ মহাৰণ। ৩২ খন দেশে যোদ্ধাই সাঁজু হৈছে ভৰিৰ শক্তি দেখুৱাবলৈ৷ ৰাছিয়াত সাজু মহাশক্তি আৰ্জেন্টিনা, জাৰ্মানী, ব্ৰাজিল, পৰ্তুগাল, স্পেইন আদি।
এঘড়ী যুঁজিবলৈ সাজু ছৌডি আৰৱ, ইৰাণ, জাপান, দক্ষিণ কোৰিয়াও। কিন্তু এইবাৰ বিশ্বযুদ্ধত নাথাকিব ৪ বাৰৰ বিজয়ী ইটালী। যাৰ ডিফেন্স আছিল শিলৰ দৰে কঠিন। চুটি চুটি পাছ, মন্থৰ গতি আদিৰে প্ৰতিদ্বন্দ্বিক বিৰক্ত কৰি খেল নিজৰ হাতত ৰখা ইটালীৰ এই ছন্দপতনক যেন কোনো অনুৰাগীয়ে মানি লব পৰা নাই।
টটী, ভিয়েৰী, ইনজাহীৰ দিনৰ তাহানিৰ ইটালী ক'ত হেৰাল? একেদৰে নাই যুঁজাৰু নেদাৰলেণ্ড৷ ফুটবলৰ সৰ্বাংগসুন্দৰী ব্ৰাজিলৰ যেন লোপ পালে সৌন্দৰ্য্যৰ৷ ছাম্বাৰ লহৰে-লহৰে অনুৰাগীক মোহিত কৰি ৰখা ব্ৰাজিলক লৈ যেন সম্পুণ আশাবাদী নহয় ফুটবল প্ৰেমী।
প্ৰতিদ্বন্দ্বিত ধৰিব পৰাৰ আগতেই বল গৈ সোমাইছিল গৈ গ'লপোষ্টত! সেই সোণালী ইতিহাসৰ গৰাকী পেলেৰ দেশৰ ব্ৰাজিলে যেন ধৰি ৰাখিব পৰা নাই নিজ গৌৰৱগাঁথা। তাৰ মাজতেই আশাৰ বন্তি গছি জ্বলাই ৰাখিছে নেইমাৰে। নেইমাৰেই এতিয়া ব্ৰাজিলৰ ভৱিষ্যৎ। ফুটবলৰ যুৱৰাজ লিঅ'নেল মেছী কোটি কোটি জনগণৰ নয়নৰমণি।
২বাৰ বিশ্বকাপ বিজয়ী আৰ্জেন্টিনাক মাৰাডোনাৰ কৌশল শৈলীৰে ৩য় বাৰলৈ চেম্পিয়ন কৰাৰ আশা কোটি কোটি অনুৰাগীৰ৷ ইফালে আছে আভিজাত ক্ৰিষ্টিয়ানো ৰোণাল্ডো৷ পৰ্তুগাল, জাৰ্মানীৰ, ব্ৰাজিল, আৰ্জেন্টিনা, স্পেইন সকলোৱে শক্তি দেখুৱাবলৈ সাঁজু৷ কিন্তু ক্ষ্ষমতা কোনে দখল কৰিব অস্ত্ৰবিহীন যুদ্ধৰ৷ তাৰ বাবে ধৈৰ্য ধৰিব লাগিব এমাহ৷