
ডিজিটেল ডেস্কঃ এয়াৰটেলৰ গ্ৰাহক সাৱধান হ'বৰ হ'ল৷ তিনি-চাৰি বছৰৰ বাবে বন্ধ হৈ পৰিব ৩-জি সেৱা৷ হয়তো ৩-জি সেৱা সম্পূৰ্ণকৈয়ে বন্ধ কৰি দিব পাৰে এয়াৰটেল কোম্পানীয়ে৷ ৪জি সেৱা আৰু আহিবলগীয়া ৫জি সেৱাৰ ক্ষমতা বৃদ্ধিৰ বাবে অহা তিনি চাৰি বছৰলৈ বন্ধ থাকিব এই পৰিসেৱা৷
৩জি সেৱা বন্ধ কৰি তাৰ পৰিবর্তে থ্রি-জি স্পেকট্রাম ৪জি পৰিসেৱাৰ কাৰণে ব্যবহাৰ কৰিব এই সংস্থাই৷ বুধবাৰে এই কথা জনায় ভাৰত আৰু দক্ষিণ এছিয়াৰ এয়াৰটেলৰ এম ডি তথা চি ই অ গোপাল ৱিত্তলে৷ থ্রি-জি পৰিসেৱাৰ বাবে ব্যবহৃত ২,১০০ মেগাহাৰ্টজ স্পেকট্রাম ৪-জি পৰিসেৱাৰ কাৰণে ব্যবহাৰ কৰা হ’ব৷