তিনিচুকীয়াঃ ২০১৮ বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰী লৈকে তিনিচুকীয়াৰ পেঙেৰীৰ ৰিতুপথাৰত অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ ৭৪ সংখ্যক অধিৱেশন৷ বুধবাৰে অধিবেশনৰ লাইখুঁটা  স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷

পুৱা ১১ বজাত ৰাজ্য মুৰব্বীগৰাকীয়ে পৱনহংস হেলিকপ্তাৰ যোগে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী পেঙেৰীৰ ৰিতুপথাৰৰ আগন্তুক সাহিত্য সভাৰ উদ্দেশ্যে নিৰ্মিত বদৌচা সমন্বয় ক্ষেত্ৰত পদাৰ্পণ কৰে৷ চৌদিশে গায়ন-বায়নেৰে ৰজনজনাই উঠা বৈকুণ্ঠপুৰী যেন পৰিৱেশত লাইখুঁটা স্থাপন কৰি মুখ্য মন্ত্ৰী সোনোৱালে প্ৰতিজন অসমীয়াৰে প্ৰিয় আৰু আপোনতকৈয়ো আপোন অনুষ্ঠান হ'ল অসম সাহিত্য সভা৷

পেঙেৰীত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ পৰা সকলো সাহিত্য প্ৰেমীয়ে যাতে মধুৰ স্মৃতি কঢ়িয়াই নিব পাৰে তাৰ বাবে সমগ্ৰ বৰডুমচা, পেঙেৰীবাসী ৰাইজ বদ্ধপৰিকৰ হোৱাতো প্ৰতিজন ব্যক্তিৰে উদ্দেশ্য হ'ব লাগে৷ চৰকাৰীভাৱে এই ক্ষেত্ৰত যি কৰণীয় সেয়া ৰাজ্য চৰকাৰে নিষ্ঠা আৰু আন্তৰিকতাৰে সম্পাদন কৰিব৷

বৃহত্তৰ বৰডুমছা আৰু পেঙেৰীবাসী ৰাইজৰ সহযোগত সকলো ব্যক্তিয়ে যেন অনুষ্ঠানতো সৰ্বতো প্ৰকাৰে সফল হোৱাতো বাঞ্চা কৰে সেয়া সাত সহস্ৰাধিক ৰাইজৰ সমাগমে প্ৰমাণ কৰে৷ ইফালে লাইখুঁটা স্থাপন অনুষ্ঠানে অঞ্চলটোত উদুলি মুদুলি পৰিবেশৰ লগতে বৈকুণ্ঠধাম হেন পৰিবেশৰ সৃষ্টি কৰা পৰিলক্ষিত হয়৷ প্ৰায় ৭ সহস্ৰাধিক লোকৰ উপস্থিতিৰ লগতে অনুষ্ঠানত মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, ডিগবৈৰ সুৰেন ফুকন, তিনিচুকীয়াৰ সঞ্জয় কিষান, দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা আৰু ডিব্ৰুগড় লোক সভা সমষ্ঠিৰ সাংসদ ৰামেশ্বৰ তেলী উপস্থিত থাকে৷