
চাবুৱাঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জেষ্ঠ ভাতৃ গিৰীশ সোণোৱালে ৬৯ বছৰ বয়সত বৃক্ক ৰোগত আক্ৰান্ত হৈ দিল্লীৰ এইমছত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে। বুধবাৰে নিশা প্ৰায় ২ বজাত মৃত্যু হোৱা সোণোৱালৰ মৃতদেহ দিল্লীৰ পৰা বিমানযোগে ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰি আৱেলি তিনি বজাত চাবুৱা মুলক গাঁৱৰ নিজা বাসগৃহলৈ অনা হয়৷
তেখেতৰ নশ্বৰ দেহ নিজ গৃহ আহি পোৱাৰ পাছতেই অগনন গুণমুগ্ধৰ লগতে বিভিন্ন দল সংগঠনৰ উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ স্বৰ্গীয় জীৱেশ্বৰ সোণোৱাল আৰু স্বৰ্গীয়া দিনেশ্বৰী সোণোৱালৰ সুযোগ্য পুত্ৰ গিৰিশ সোণোৱালে মৃত্যুৰ সময়ত জেষ্ঠ ভাতৃ, কণিষ্ঠ ভাতৃ মূখ্যমন্ত্ৰীৰ লগতে মুঠ পাঁচজন, দুগৰাকী ভগ্নী, পত্নী চন্দ্ৰা সোণোৱাল, পুত্ৰ নিকুঞ্জ, দুই কন্যা কাবেৰী আৰু ৰেণুকাৰ উপৰিও পৰিয়ালত অনেক আত্মীয়-কুটুম্বক এৰি যায়।
গিৰিশ সোণোৱালৰ দিনজানস্থিত এম ই এছৰ বিজুলী বিভাগত কৰ্মজীৱন আৰম্ভ কৰি ২০০৭ চনত অৱসৰ গ্ৰহণ কৰিছিল। জানিব পৰা মতে অৱসৰ দিনৰে পৰা বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল৷ অঞ্চলটোৰ সৰবৰহী ব্যক্তি ৰূপে পৰিচিত গিৰিশ সোণোৱালৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে। আজি সন্ধিয়া পৰত ব্যক্তি গৰাকীৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰাৰ পূৰ্বে মূখ্যমন্ত্ৰী সোণোৱালে নিজ জ্যেষ্ঠ ভাতৃক শেষ শ্ৰদ্ধাঞ্জলি জনায়।
লগতে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, স্থানীয় বিধায়ক বিনোদ হাজৰিকা, লাহোৱালৰ বিধায়ক ৰিতুপৰ্ণ বৰুৱা, মাৰ্ঘেৰিতাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ উপৰিও কেইবাগৰাকীও শাসকীয় দলৰ নেতাই উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনায়। সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে মুলক গাঁৱৰ ৰাইজৰ উপৰিও স্থানীয় কেইবাখনো গাঁৱৰ ৰাইজৰ উপস্থিতিত নিজা শ্মশানত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰে।
অন্ত্যোষ্টিক্ৰিয়াত মটক সন্মিলন, মটক যুৱ-ছাত্ৰ সন্মিলন, চাবুৱা আছু, চাবুৱা মিডিয়া ফ'ৰাম, ডিব্ৰুগড় জিলা সংবাদিক সুৰক্ষা মঞ্চ, চাবুৱা গণ নাট্য সংঘ, ডিব্ৰুগড় জিলা প্ৰশাসন, তিনিচুকীয়া জিলা প্ৰশাসন, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, মটক যুৱ-ছাত্ৰ পৰিষদ, ইউনাইটেড চাবুৱা ফুটবল একাডেমী, চাবুৱা ক্ৰীড়া সন্থা, বিজেপি মণ্ডল সমিতি ক্ৰমে গুইজান, চাবুৱা, চাবুৱা টাউন, টাউন মণ্ডল আদি অনেক গুণমুগ্ধই গিৰীশ সোণোৱালৰ মৃতদেহত শেষ শ্ৰদ্ধাঞ্জলি জনায়।
আজি অন্ত্যোষ্টিক্ৰিয়াত সম্পন্ন হোৱাৰ পিছতে মুলক গাঁৱৰ নিজা বাসভৱনত ৰীতি অনুসৰি তিনিদিনত তিলনী অনুষ্ঠিত কৰা হ'ব। উক্ত তিলনীত পৰিয়ালৰ লোকে সকলো ৰাইজকে উপস্থিত থাকিবলৈ অনুৰোধ জনায়।