চাবুৱাঃ মুখ্যমন্ত্ৰীৰ দ্বিতীয় জেষ্ঠ ভাতৃ গিৰিশ সোণোৱালৰ মঙলবাৰে নিশা নতুন দিল্লীৰ এইমছ চিকিৎসালত মৃত্যু হয়। জানিব পৰা মতে, বৃক্কৰ ৰোগত অাত্রুান্ত হৈ অাছিল মুখ্যমন্ত্রী জ্যেষ্ঠ ভাতৃ গিৰিশ সোণোৱাল৷ ৩ মাহ ধৰি চিকিৎসাধীন হৈ অাছিল এইমছত৷

অাজি তেখেতৰ নশ্বৰ দেহ নতুন দিল্লীৰ পৰা গৃহভূমি চাবুৱা বিন্ধাকটালৈ লৈ অনা হ’ব৷ গিৰিশ সোণোৱালে মৃত্যুৰ সময়ত দুগৰাকী কন্যা সন্তান আৰু এজন পুত্ৰক এই সংসাৰত এৰি যায়। মিলিটেৰী অভিযান্ত্ৰিক বিভাগত চাকৰি কৰি অৱসৰ লাভ কৰা গিৰিশ সোণোৱালৰ মৃত্যুৰ সময়ত বয়স অাছিল ৬৯ বছৰ৷

সৰবৰহী সমাজকৰ্মীগৰাকীৰ মৃত্যুত চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা, চাবুৱা মিডিয়া ফ'ৰাম, ডিব্ৰুগড় জিলাৰ সাংবাদিক সুৰক্ষা মঞ্চ, মটক যুৱ-ছাত্র পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ আদি বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷