তিনিচুকীয়াঃ বুধবাৰে অসম সাহিত্য সভাৰ পেঙেৰী অধিবেশনৰ লাই খুঁটা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ পুৱাই তিনিচুকীয়াৰ পেঙেৰীত উপস্থিত হৈ সাহিত্য সভাৰ প্ৰস্তুতি সন্দৰ্ভত পৰিচালনা সমিতিৰ দুই এগৰাকী বিষয়-ববীয়াৰ সৈতে আলোচনা কৰে৷

তাৰ পিছতে ৭৪ সংখ্যক অধিবেশনৰ লাইখুঁটা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোমোৱালে৷ লাইখুঁটা স্থাপন কৰি মুখ্যমন্ত্ৰীয়ে সাহিত্য সভা অতিকৈ আপোন আৰু সকলোৰে প্ৰিয় অনুষ্ঠান বুলি কয়৷ সাহিত্য সভাক আমি সকলোৱে আদৰ কৰি জীয়াই ৰাখিব বুলিও কয়৷

কেইবা সহস্ৰাধিক লোকৰ লগতে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, ডিগবৈৰ সুৰেন ফুকন, তিনিচুকীয়াৰ সঞ্জয় কিশান, দুলিয়াজান সমষ্টিৰ বিধায়ক তেৰচ গোৱালা আৰু ডিব্ৰুগড় লোক সভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী উপস্থিত থাকে অনুষ্ঠানত৷

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ এতিহ্যমণ্ডিত পেঙেৰীৰ বুঢ়িদিহিঙ পেঙেৰীৰ বদৌচা সমন্বয় ক্ষেত্ৰত ১ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ ৭৪ সংখ্যক অধিবেশনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ অঞ্চলটোৰ লোকসকলে অধিবেশনক লৈ ব্যাপক চৰ্চা কৰাও পৰিলক্ষিত হৈছে৷