গুৱাহাটীঃ সামাজিক দায়িত্ব হিচাপে যিসকলৰ নাম এন আৰ চিত অন্তৰভুক্ত হোৱা নাই, তেওঁলোকক দাবী সাব্যস্ত কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷

শুকুৰবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যৰ ৭০ টা সংগঠনে ‘সংকল্প যাত্ৰা’ৰে প্ৰতিবাদকাৰীসকলে দিশপুৰ ঘেৰাও কৰাৰ পাছত শুকুৰবাৰে নিশাই কোনো পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী  নোহোৱাকৈ দিল্লীলৈ উৰা মাৰে মুখ্যমন্ত্ৰীজনে৷ নিশাই তেওঁ বি জে পিৰ সভাপতি অমিত শ্বাহক সাক্ষাৎ কৰে৷ এই আলোচনাত তেওঁ অসমৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত অৱগত কৰে৷

ইয়াৰ পাছত শনিবাৰে পুৱা মুখ্যমন্ত্ৰী সোণোৱালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙকো নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জাগি উঠা অসমবাসী তথা ৰাজ্যৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে৷ এই সভাত উপস্থিত থাকে কেন্দ্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ড’ভল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

ইফালে, ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ ব্যাপক বিৰোধিতাৰ পাছত এই বিধেয়ক সংক্ৰান্তীয় যুটীয়া সংসদীয় সমিতিৰ অধিকাংশ সদস্যই এই আইনৰপৰা বাংলাদেশক বাহিৰত ৰখাৰ প্ৰস্তাৱ দিব বুলি জানিব পৰা হৈছে৷ বি জে পিৰ একাংশ সদস্যৰ বাদে সকলোৱে এই প্ৰস্তাৱ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালক প্ৰদান কৰিব৷

উল্লেখ্য যে যুটীয়া সংসদীয় সমিতিয়ে সংসদৰ শীতকালীন অধিৱেশনত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব৷