
চৰাইদেউঃ বানৰ কবলত পৰি হাহাকাৰ কৰা ৰাজ্যৰ হাজাৰ হাজাৰ লোকক সহায় কৰিবলৈ ওলাই আহিছিল ৰাজ্য খনৰ সৰ্বপ্ৰকাৰৰ লোক৷ দল, সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান, আত্মা সহায়ক গোটে ৰাজ্যৰ বানপীড়িত লোকসকলৰ মাজত সাহায্য বিতৰণ কৰি বানপীড়িতৰ ওচৰত থিয় দিছিল৷
তাৰ মাজতে মহিলা আত্মা সহায়ক গোটে মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈ আগবঢ়ালে বিশ হাজাৰ টকা৷ অসমৰ বানাক্ৰান্ত ৰাইজৰ সাহায়ৰ বাবে চৰাইদেউ জিলাৰ সাপেখাটী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰুৱাচালিৰ মিলনজ্যোতি গাঁও-পঞ্চায়তৰ আত্মসহায়ক গোট সমূহে মুখ্যমন্ত্ৰীৰ সাহায্য পূজিঁলৈ ২০,০০০ টকাৰ এখন চেক চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনৰ জৰিয়তে প্ৰেৰণ কৰে চেক গ্ৰহণ কৰি উপায়ুক্ত বিবেকানন্দ ফুকনে বানপীড়িত লোকক সহায়ৰ বাবে মহিলাসকলে ওলাই অহাৰ বাবে প্ৰশংসা কৰে৷