কলিয়াবৰঃ কল্পনা কৰক দ্ৰুতগতিত গৈ থকা গাড়ীৰ বাহিৰত কেৱল কৃষ্ণচূড়া-ৰাধাচূড়া, এজাৰ, সোণাৰুৰে ৰঙীণ দীঘল এটা লানি। কল্পনা বিলাস নকৰা মানুহকো সেই ৰঙে ৰঙীণ কৰি তুলিবলৈ এপলকো সময়ৰ প্ৰয়োজন নহ’ব। 

এনে এক পৰিকল্পনাই হাতত লৈছে অসমৰ বন বিভাগে। এই উদ্দ্যেশে বিভাগটোৱে কলিয়াবৰত ৬৮ সংখ্যাক বন মহোৎসৱৰ উদযাপনৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে ৰুইছে গছপুলি। 

কেৱল সেউজেই নহয়, এখন ৰঙীণ অসম গঢ়াৰ উদ্দেশ্যেৰে কলিয়াবৰৰ পৰা বোকাখাতলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষে কাষে কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ, সোণাৰু গছ পুলি ৰুই এই কাৰ্যসূচী ৰূপায়ণ কৰিছে বিভাগটোৱে। 

কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁক সংগ দিছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। লগতে আছে বন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত তথা কৃষি মন্ত্ৰী অতুল বৰা। 

ৰাজপথৰ দুয়োকাষত এনেদৰে কৃষ্ণচূড়া-ৰাধাচূড়াৰ পুলি ৰোপণ কাৰ্যসূচীত কলিয়াবৰৰ বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে বন বিভাগে।