কাজিৰঙাঃ কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব৷ বিগত ১৫ বছৰে কংগ্ৰেছে শাসনৰ নামত কেৱল লুটি-পুটি খালে৷

কংগ্ৰেছৰ এতিয়া বিদায় লোৱাৰ সময়৷ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ কাজিৰঙাৰ কঁহৰাস্থিত আৰক্ষীৰ অতিথিশালাত নৈশ যাপন কৰি মুখ্যমন্ত্ৰী সোনোৱালে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কংগ্ৰেছৰ সমালোচনাত মুখৰ হৈ পৰে।

 সোণোৱালে বিগত শাসনকালত কংগ্ৰেছে বৃহত্তৰ কাৰ্বি জিলাখনৰ উন্নয়ন স্থবিৰ কৰি পাহাৰীয়া জিলাখনত কেৱল লুণ্ঠনেই চলালে বুলি কয়।

যাৰ বাবে কংগ্ৰেছৰ অপশাসন নাইকিয়া কৰিবলৈ ৰাইজ ঐক্যবদ্ধ হৈছে আৰু অহা ১৭ জুনত হবলগীয়া পৰিষদীয় নিৰ্বাচনত পৰিবৰ্তনৰ স্বাৰ্থতেই ৰাইজে বিজেপিক ভোট দিব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

কাৰ্বি আংলঙৰ সামগ্ৰিক উন্নয়নৰ বাবে বিজেপি বদ্ধপৰিকৰ। আনহাতে গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ ক্ষেত্রত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়াৰ লগতে এই কৃত্ৰিম বানত মৃত্যুক সাৱটি লোৱা লোকসকলৰ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।