
ডিব্ৰুগড়ঃ দেওবাৰে ডিব্ৰুগড় বাণীপুৰ ৰে’লৱে ষ্টেচনত ডিব্ৰুগড় আৰু শিলচৰৰ মাজত চলিবলগীয়া দ্ৰুতবেগী সাপ্তাহিক ৰে’ল সেৱা আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁয়ে। ডিব্ৰুগড় আৰু শিলচৰৰ মাজত দ্ৰুতবেগী ৰে’ল সেৱা আৰম্ভ কৰা হয়৷ বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত সমন্বয়ৰ সেঁতু গঢ় দিয়াৰ উদ্দেশ্যে বিমান সেৱাৰ পিছত এইবাৰ ৰে’ল সেৱা মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰে’ল সেৱা মুকলি কৰি যাতায়াত ব্যৱস্থাক অধিক শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পদক্ষেপ গ্ৰহণ কৰিছে বুলি কয়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত প্ৰাণ পাই উঠিছে। বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজৰ সমন্বয়ৰ বিষয়টো এতিয়া শব্দ বাক্যত আৱদ্ধ হৈ থকা নাই। এইখন ৰে’লৰ শুভাৰম্ভণিয়ে ইয়াক বাস্তৱ ৰূপত প্ৰতিফলিত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে মোদীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যাতায়াত ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে এই আঁচনিসমূহৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলত যোগাযোগৰ ক্ষেত্ৰত নতুন মাত্ৰা সংযোজিত হৈছে। শিলচৰৰ পৰা ডিব্ৰুগড়লৈ এই নতুন ৰে’ল সেৱাই বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত থকা সম্বন্ধ অধিক সুদৃঢ় কৰি তুলিব। মুখ্যমন্ত্ৰী সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল সেৱা অধিক গতিশীল কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি কয় যে এনএফ ৰে’লৱেৰ অধীনত বৰ্তমান ৪৩টা প্ৰকল্পৰ কাম চলি আছে। ইয়াৰে ২৫টা হ’ল নতুন ৰে’ল লাইন।
উত্তৰ-পূৰ্বাঞ্চলত চলি থকা ৪৩টা প্ৰকল্প কামৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৮৯,৬০১ টকা ব্যয় কৰিব। ইপিনে ২০১৮ চনৰ কেন্দ্ৰীয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলক বৈদ্যুতিক ৰে’ল সেৱা সংযোগৰ বাবে ২,৩৫৩ কোটি টকা ধাৰ্য কৰিছে। ৰে’ল বিভাগে ২১ খন নতুন ৰে’ল সেৱাৰ সম্প্ৰসাৰণ সাধন কৰিছে। ডিব্ৰুগড় আৰু শিলচৰৰ মাজত চলিবলগীয়া ৰে’লখনৰ ভাষা সমন্বয় হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় ডিব্ৰুগড়ৰ পৰা শিলচৰলৈ স্পাইচ জেটৰ জৰিয়তে বিমান সেৱাৰ সংযোগ কৰা হৈছে আৰু আজি নতুন ৰে’ল সেৱা মুকলি হোৱাৰ লগে লগে ডিব্ৰুগড় আৰু শিলচৰৰ মাজত পথ যোগাযোগ ব্যৱস্থাটো অধিক সূচল হৈ পৰিব।
বৰ্তমানৰ ৰাজ্য চৰকাৰে বৰাক-ব্ৰহ্মপুত্ৰৰ লগতে তিনিখন পাৰ্বত্য জিলাৰ সম উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যখনৰ প্ৰতিটো অঞ্চলৰে যাতে দ্ৰুত উন্নয়ন সম্ভৱ হৈ পৰে তাৰ বাবে ৰাজ্য চৰকাৰে দায়বদ্ধতাৰে কাম কৰি আহিছে। যোগাযোগৰ উন্নয়নৰ সাধনৰ লগে লগে আমাৰ মাজত সমন্বয়, ভাতৃত্ববোধ, বন্ধুত্বৰ পৰিৱেশ অধিক সুদৃঢ় হৈ পৰিব। একেটা অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইয়ে কয় যে নমামি বৰাকৰ সময়ত শিলচৰত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ পৰা বৰাক উপত্যকালৈ ৰে’ল সেৱা সম্প্ৰসাৰণৰ বাবে অনুৰোধ জনাইছিল।
বৰাক-ব্ৰহ্মপুত্ৰৰ সংযোগ সাধনত এই ৰে’লখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আৰু ই অধিক জনপ্ৰিয় হৈ পৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বগীবিল দলঙৰ নিৰ্মাণ কাৰ্য অহা জুন-জুলাইৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। এই দলংখন সম্পূৰ্ণ হৈ উঠিলে যোগাযোগৰ ক্ষেত্ৰত এটা নতুন দিশ উন্মোচন হ’ব। বহু ৰে’ল সেৱা বগীবিল দলঙৰ মাজেৰে গুৱাহাটীলৈ আহিব পাৰিব আৰু ইয়াৰ ফলত দূৰত্ব ১০০ কিঃমিঃ হ্ৰাস পোৱাৰ উপৰি দুই ঘন্টাৰো অধিক সময় ৰাহি হ’ব।
অনুষ্ঠানত সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক ঋতুপৰ্ণ বৰুৱা, বিনোদ হাজৰিকা, তেৰছ গোৱালা, উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক সঞ্জীৱ ৰয়, ডিব্ৰুগড় জিলা উপায়ুক্ত লয়া মাদ্দুৰীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে। আনপিনে শিলচৰ ৰে’লৱে ষ্টেচনত ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে অনুষ্ঠান উপভোগ কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কোবিন্দ পুৰকায়স্থ, শিলচৰৰ বিধায়ক অমৰ জৈন, মিহিৰকান্ত সোম, ৰাজদ্বীপ গোৱালা আদিয়ে।