
লখিমপুৰঃ লখিমপুৰ জিলাৰ হাজাৰ হাজাৰ বানাক্ৰান্তই ঘৰ-বৰ হেৰুৱাই হাহকাৰ কৰিব লগা হৈছে৷ নীপকোৱে এৰা পানীয়ে জিলাখনৰ জিলা খনৰ বিস্তৰ ক্ষতি সাধন কৰে৷
ৰাজ্যৰ দল-সংগঠনে নীপকোৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে সোমবাৰে লখিমপুৰৰ বান পৰিস্থিতিৰ বুজ লবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে ভ্ৰমণ বাতিল কৰিছিল যদিও আজি বানপীড়িতৰ খবৰ ল'বলৈ লখিমপুৰত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
সোণোৱাল লখিমপুৰত উপস্থিত হৈ বগলীজান ১নং পানচৈত ৰঙানদীয়ে ছিঙা মঠাউৰি পৰিদৰ্শন কৰাৰ লগতে শোণিতপুৰ, গহপুৰ, লখিমপুৰ, মাজুলী আৰু ধেমাজিৰ ছিঙা মথাউৰিসমূহ পুনৰ নিৰ্মাণৰ কাৰণে ১০০ কোটি টকা ৰাজ্য চৰকাৰে মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰে।
নীপকোৰ কাণ্ডজ্ঞানহীনতাৰ পৰিণতীত বানৰ কবলত পৰি সৰ্বস্বান্ত হোৱা বানাক্ৰান্ত ৰাইজৰ প্ৰতি মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ বিশেষ সাহায্য ঘোষণা নকৰিলে।
আনহাতে মুখ্যমন্ত্ৰী সোণোৱালে ৰঙানদীৰ বানৰ কবলত পৰি হাহকাৰ কৰিবলগীয়া হোৱা লোকসকলৰ দুখ-দুৰ্গতিৰ সন্দৰ্ভত আলোচনা নকৰাত ৰাইজ ক্ষোভিত হয়৷ কেৱল ভগ্ন মথাউৰি পৰিদৰ্শন কৰিয়েই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দায়িত্ব সামৰিলে বুলি ক্ষোভ ব্যক্ত কৰে ৰাইজে৷