
বোকাজানঃ পৰিৱৰ্তনৰ শ্ল'গানেৰে বিজেপিয়ে দিল্লী, দিছপুৰ দখল কৰিলে যদিও কৰ্মসংস্কৃতিহে সলনি নহ’ল৷ ৰাজ্যৰ বিভন্ন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলংত চৰকাৰ সলনি হ’ল যদিও বিষয়া-কৰ্মচাৰীৰ কৰ্ম-সংস্কৃতিৰ আজিও পৰিৱৰ্তন নহ'ল৷ ৰাজনৈতিক নেতা, পালিনেতা তথা জিলা প্ৰশাসনৰ উচ্চ-পদস্থ বিষয়াৰ পৃষ্ঠপোষকতাত কাৰ্বি আংলংত বছৰ বছৰ ধৰি অব্যাহত আছে অবৈধ কয়লা খনন৷
দুৰ্নীতি নিৰ্মুলৰ শ্ল'গাণেৰে শাসনৰ বাঘজৰী হাতত লোৱা চৰকাৰখনৰ দিনতে ৰাজ্য খনত বিভিন্ন অবৈধ কয়লাৰ ব্যৱসায় চলিছে। তাৰ মাজতে কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষীয়ে বুধবাৰে জব্দ কৰে এখন অবৈধ কয়লা সৰবৰাহ কৰা ট্ৰাক৷ ১২ চকীয়া অবৈধ কয়লা সৰৱৰাহ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে ইউপি-৮২-টি-০৬০৩। ট্ৰাকখন কাৰ্বি আংলংৰ বকলীয়াৰ পৰা বোকাজান মহকুমাৰ খটখটি অভিমুখে আহি আছিল।
কাৰ্বি আংলংত সংগোপনে চলি আছে অবৈধ কয়লাৰ খনন আৰু সৰবৰাহ ইয়াৰ প্ৰমাণ কৰে আৰক্ষীয়ে ধৰা ট্ৰাক খনে। যোৱা ২৩ অক্টোবৰৰ নিশা জিলাখনৰ বকলীয়াৰ খটখটিৰ দিশে আহি থকা উক্ত ট্ৰাকখন বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীজানত জৰাজীৰ্ণ পথৰ বাবে পথৰ কাষৰ বোকাত আৱদ্ধ হৈ পৰাত এই ঘটনা পোহৰলৈ আহে। ট্ৰাক খনত আছিল কয়লা। আনহাতে ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হোৱাত গাড়ীখনৰ চালক ছেগ বুজি পলাই যাবলৈ সক্ষম হয়৷
আৰক্ষীয়ে গাড়ীখনত থকা হেণ্ডিমেনক জনক কয়লা কঢ়িয়াই অনাৰ বৈধ নথি-পত্ৰ চাবলৈ বিচৰাত হেণ্ডিমেনজনে কোনো নথি-পত্ৰ দেখুৱাব নোৱাৰাত মঙলবাৰে নিশা বোকাজান আৰক্ষীয়ে কয়লা ভৰ্তি ট্ৰাকখন বোকাজান থানালৈ লৈ আহে৷ গোচৰ পঞ্জীয়ন কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷
উল্লেখ্য যে জিলাখনৰ একাংশ অসাধু ব্যৱসায়ীয়ে স্বায়ত্ব শাসিত পৰিষদৰ একাংশ নেতা-পালিনেতা তথা জিলা প্ৰশাসনৰ উচ্চ-পদস্থ বিষয়াৰ পৃষ্ঠপোষকতাত কাৰ্বি আংলং জিলাৰ লাংমিলি, ক্লুডুং, ডিলাই, আপাৰ দেওপানী আদি ঠাইত বছৰ-বছৰ ধৰি কয়লাৰ অৱৈধ খনন কাৰ্যৰ যোগেদি কয়লাৰ এক ৰমৰমীয়া ব্যৱসায় চলাই আছে । বৰ্তমানেেও জিলাখনৰ একাংশ ক্ষমতাশালী ৰাজনৈতিক নেতা-কৰ্মী তথা প্ৰশাসনৰ লোক পৰ্দাৰ আঁৰত থাকি কয়লাৰ এই অবৈধ ব্যৱসায় অবাধ গতিত অব্যাহত আছে ৷
উল্লেখ্য যে জিলাখনৰ বিভিন্ন স্থানত অৱৈধ ভাৱে খনন কৰা এই কয়লা নগালেণ্ডৰ ডিমাপুৰৰ লগতে খটখটী, গুৱাহাটী, যোগীঘোপা আদিলৈ বিভিন্ন কৌশলেৰে সৰবৰাহ হৈ আহিছে ৷ ষষ্ঠ অনুসূচীৰ পাহাৰীয়া জিলা কাৰ্বি আংলংত এনেদৰে খনিজ সম্পদ ধ্বংস যজ্ঞ অবাধ গতিত অব্যাহত থকাৰ পাছতো বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম তথা কেন্দ্ৰীয় চৰকাৰৰ খনিজ সম্পদ মন্ত্ৰণালয়ে অবৈধ কয়লা খনন কাৰ্য ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবনে? সেয়া এতিয়া জিলাখনৰ সচেতন মহলৰ মাজত সকল আলোচনাৰ বিষয় হৈ পৰিছে৷