খেৰণিঃ ৰাজ্যত চোৰাং কয়লাৰ ব্যৱসায় চলি থকা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বন বিভাগে অভিযান চলাই চাৰিখনকৈ কয়লাভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷ খেৰণি বন বিভাগে এক বিশেষ সূত্ৰৰ পম খেদি অবৈধ কয়লা সৰবৰাহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই জালত পেলাই ট্ৰাক কেই খন।

মঙলবাৰে নিশা খেৰণি-জেৰিকিণ্ডিং পথত তহল দি থকা বন বিভাগৰ এটা দলে খেৰণি অভিমুখে আহি থকা চাৰি খনকৈ কয়লাভৰ্তি ট্ৰাক প্ৰত্যক্ষ কৰে। ট্ৰাক কেইখন ৰখাই কৰ্মচাৰীক সোধ-পোছ কৰি বন বিভাগৰ লোকৰ সন্দেহ ওপজাত ট্ৰাক কেইখন জব্দ কৰে।

জানিব পৰা মতে, মেঘালয়ৰ জোঁৱাই অঞ্চলৰ পৰা খেৰণি হৈ নগাঁও-তেজপুৰ আদি স্থানলৈ অবৈধভাৱে কয়লা কঢ়িওৱাৰ চেষ্টা চলাইছিল ট্ৰাক কেইখনে। ট্ৰাককেইখনৰ নথি পত্ৰ, চালান আদি মেঘালয়ৰ ভুৱা বুলি সন্দেহ কৰিছে বন বিভাগে। ইতিমধ্যে নথি পত্ৰৰ পৰীক্ষা-নিৰীক্ষা খেৰণি বন বিভাগে অব্যাহত ৰাখিছে। এমএল-০৫-এল ১৯২৮, এম-এল-০৪-বি-৯৭০৫, এম এল-০৫-এইচ-১২২৮ নম্বৰৰ ট্ৰাক কেইখন আৰক্ষীয়ে জব্দ কৰে৷ আনহাতে ৰাজ পথত বেয়া হৈ পৰি থকা ট্ৰাক খনৰ নম্বৰ জানিব পৰা নাই।