শিমলুগুৰিঃ এটকীয়া, দুটকীয়া, পাচ টকীয়া একপ্ৰকাৰ অচল হৈ পৰিছে। ক’ৰবাত যদি গ্ৰাহকে গ্ৰহণ নকৰে আন ক’ৰবাত আকৌ ব্যৱসায়ীয়ে গ্ৰহণ নকৰে। কোনো কোনো বেংকেও আকৌ নানা অজুহাত দেখুৱাই এই নোট গ্ৰহণ নকৰি ওভতাই পঠিয়ায় গ্ৰাহকক। ফলত গ্ৰাহক আৰু ব্যৱসায়ী সকল বিপাঙত পৰে। খুচুৰা পইচাৰ টোপোলা বান্ধি থৈছে একাংশই। বিগত কিছু ধৰি এই নতুন সমস্যাই দেখা দিছে ৰাজ্যত।

ৰাজ্যৰ একাংশ ঠাইত মুদ্ৰাৰ প্ৰচলন একপ্ৰকাৰ বন্ধ হৈ পৰিছে৷ কিয়নো একাংশ ব্যৱসায়ীয়ে মুদ্ৰা লবলৈ শংকা বোধ কৰা দেখা যায়৷ বিশেষকৈ চৰকাৰে প্ৰচলন কৰা দহ টকাৰ মুদ্ৰাৰ লগতে ৫০ পইচাৰ মুদ্ৰা সমূহ লবলৈ টান পোৱা দেখা যায় ব্যৱসায়ীসকলক৷ যাৰ ফলত সাধাৰণ লোকসকলে বহু সময়ত সমস্যাত পৰে৷ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই এই মুদ্ৰা সমূহ বন্ধ কৰা হোৱা নাই বুলি কৈ অহাৰ পিছতো গাৰ বলেৰে নিজ ইচ্ছামতে মুদ্ৰা সমূহ লবলৈ অমান্তি হয় ব্যৱসয়ী৷

শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাতো একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানে ১০ টকাৰ ধাতুৰ মুদ্ৰা লেনদেন কৰাত আপত্তি কৰা দেখা যায়৷ তাৰ মাজতে মহকুমা প্ৰশাসনে ১০ টকাৰ ধাতুৰ মুদ্ৰা বৰ্তমান প্ৰচলিত আইনসংগত মুদ্ৰা বুলি স্পষ্ট কৰে। ধাতুৰ মুদ্ৰা আইন, ২০১১ৰ ধাৰা ৬(১) অনুসৰি দৈনন্দিন লেনদেন আৰু বেছা কিনা কাৰ্যত ব্যৱহাৰৰ বাবে আইনসংগত মুদ্ৰা বুলি কৈ গ্ৰাহকৰ সুবিধাৰ স্বাৰ্থত সকলোৱে এই মুদ্ৰা গ্ৰহণ কৰিব লাগিব বুলি স্পষ্ট কৰে নাজিৰা মহকুমা প্ৰশাসনে।

অন্যথাই আইন অনুসৰি থকা বিহিত ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব বুলি কয়। যোৱা ৩ জুলাত ভাৰতীয় ৰিৰ্জাভ বেংকে ডিচিএম (এনই) নং.জি- ১/০৮.০৭.১৮/২০১৭-১৮ এক জাননিযোগে বেংকসমূহে ধাতু মুদ্ৰা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বিশেষ নীতি নিৰ্ধাৰণ কৰি দিছে। এই নীতি অনুসৰি ১ টকা বা তাৰ ওপৰৰ ধাতু মুদ্ৰাৰে এবাৰত ১০০০ টকা পৰ্যন্ত বেংকত জমা থব পাৰিব। কোনো বেংকৰ শাখাই যদি এই নীতি অমান্য কৰে তেন্তে গ্ৰাহকে বেংকৰ উৰ্দ্ধতম কৰ্তৃপক্ষক অভিযোগ দিলে কৰ্তৃপক্ষই নিয়ম অনুসৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয়।