চাবুৱাঃ চাবুৱাৰ ডি ডি আৰ মহাবিদ্যলয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ মহাবিদ্যালয়খনত অব্যাহত আছে উত্তপ্ত৷ আজি মহাবিদ্যালয়খনৰ বিতৰ্কিত অধ্যক্ষগৰাকীয়ে অগণতান্ত্ৰিক ভাৱে একাংশ ৰাজনৈতিক নেতাৰ আশিৰ্বাদত ছাত্ৰ-ছাত্ৰীয়ে বিভাগীয় বিষয়াসকলক দিয়া সকলো আবেদন-নিবেদনক একপ্ৰকাৰৰ ধুলিসাৎ কৰাৰ অভিযোগ তুলিছে ছাত্ৰ-ছাত্ৰীয়ে৷

অধ্যক্ষগৰাকীয়ে আজি পুৱাই মহাবিদ্যালয়খনৰ সন্মুখত পুলিচ বাহিনী মোতায়েম কৰি ছাত্ৰ-ছাত্ৰীসকলক ভয় দেখুৱাই নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা বুলিও অভিযোগ কৰে মহাবিদ্যালয়ৰ খনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে৷ যাৰ অজুহাতত আজি বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নিৰ্বাচন বৰ্জন কৰে।

উল্লেখযোগ্য যে, মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে যোৱা ১৮ ছেপ্তেম্বৰত মহাবিদ্যালয় নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰি নিজৰ দুৰ্নীতি ঢাকিবলৈ সম্পূৰ্ণ পক্ষপাতিত্বমূলক ভাৱে একাংশ নিজ সমৰ্থিত প্ৰাৰ্থীক বাছনি কৰি বাকী ছাত্ৰ-ছাত্ৰীসকলৰ মনোনয়ন পত্ৰ বাতিল কৰে।

এই কাৰ্যত ক্ষুন্ন হৈ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ২১ ছেপ্তেম্বৰত অধ্যক্ষক কলেজৰ গেটৰ সন্মুখত আবদ্ধ কৰি প্ৰতিকৃতি দাহ কৰাৰ লগতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। তদুপৰি উক্ত দিনাই মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীক অধ্যক্ষৰ অনুগত বাহিনীয়ে অভব্য আচৰণ কৰিছিল।

ইয়াৰ প্ৰতিবাদত তথা অধ্যক্ষক বৰ্খাস্তৰ দাবীত ২২ ছেপ্তেম্বৰত ছাত্ৰ-ছাত্ৰীসকলে ৪ ঘন্টা ক’লা বেজ পৰিধান কৰাৰ লগতে চাবুৱাৰ কেইবাটাও সংগঠনে অধ্যক্ষজনৰ বিভিন্ন দুৰ্নীতিৰ তদন্ত বিচাৰি ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

ইপিনে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ এই অগণতান্ত্ৰিক নিৰ্বাচনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই মহাবিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে সভাপতি পদত মনোনয়ন লাভ কৰা বিজুত বৰুৱা, আলোচনী সম্পাদিকা পদত মনোনয়ন লাভ কৰা মাধুৰিমা ফুকন আৰু বিনা প্ৰতিদন্দিতাৰে জয়ী হোৱা হেমা গোহাইয়েও ছাত্ৰ একতা সভাৰ নিৰ্বাচন বৰ্জন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।