অভয়াপুৰীঃ একাংশ লোকে বিটিএডিত অশান্তি বিয়পোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে জনজাতীয় নেতা আদিত্য খাকলাৰীয়ে৷

ভূমি-নীতিক কেন্দ্ৰ কৰি বিটিএডিত অশান্তি বিয়পোৱাৰ ৰাজনৈতিক ষড়যন্ত্ৰ চলোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে ইতিহাসে ঢুকি নোপোৱা সময়ৰ পৰাই অসমভূমিত জনজাতীয় লোকসকলে বসবাস কৰি আহিছে বুলি কয় খাকলাৰীয়ে৷

সদৌ অসম ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাকলাৰীয়ে আৰু কয়, ১৮৮৪ চনত অৰ্থাৎ স্বৰাজোত্তৰ সময়তে প্ৰৱৰ্তিত ভূমি আইনৰ আধাৰত বিটিএডিত বড়োৰ লগতে অন্যান্য জনজাতীয় লোকসকলৰ ভূমিৰ ওপৰত সম্পূৰ্ণ অধিকাৰ থাকিব, এয়া বিটিএডি প্ৰশাসনে প্ৰৱৰ্তন কৰা ভূমি-নীতি নহয় এয়া সকলোৱে জ্ঞাত তথাপিও একাংশ ধুৰন্ধৰ ৰাজনীতিবিদে বড়ো-অবড়ো নামকৰণেৰে অশান্তি বিয়পাবলৈ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে এই বুলিও কয় খাকলাৰীয়ে।

উত্তৰ শালমাৰা জিলা ট্ৰাইবেল সংঘৰ ত্ৰয়োদশ ত্ৰি-বাৰ্ষিক পূৰ্ণাংগ অধিবেশন উপলক্ষে মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে আদিত্য খাকলাৰীয়ে৷