শিৱসাগৰঃ শিৱসাগৰ জিলাৰ মাজেৰে পাৰ হৈ যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্তলৈ উন্নীত কৰিবলৈ পথটোৰ দুয়োকাষে অধিগ্ৰহণ কৰা মাটিৰ গৰাকীসকলে উপযুক্ত ক্ষতিপূৰণ নোপোৱাৰ প্ৰতিবাদত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

ৰ্পূবে কেন্দ্ৰীয় চৰকাৰৰ পৰা আৱণ্টিত পুঁজি অনুমোদিত তালিকা সংশোধনৰ নামত ক্ষতিগ্ৰস্ত ৰাইজৰ পুঁজি কৰ্ত্তন কৰাৰ প্ৰতিবাদত দুঘণ্টীয়া ৰাষ্ট্ৰীয় পথ অৱৰোধ তথা কেইবালানিও আলোচনা কৰা হৈছিল যদিও কোনো সুফল লাভ নকৰাত পুনৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ সিদ্ধান্ত লয় ক্ষতিগ্ৰস্তসকলে।

অৱশেষত জিলা প্ৰশাসনৰ অনুৰোধ মৰ্মে অৱৰোধ কাৰ্যসূচী স্থগিত ৰাখি ক্ষতিগ্ৰস্তসকলে আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। পাছত প্ৰতিবাদকাৰীকলে জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী , কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী , অসমৰ মুখ্যমন্ত্ৰীলৈ ক্ষতিগ্ৰস্ত লোকসকলক কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা পুঁজি কৰ্ত্তন নকৰাকৈ দিয়াৰ ব্যৱস্থা কৰা ,

২০১৩ৰ ভূমি অধিগ্ৰহণ আইন অনুযায়ী ক্ষতিগ্ৰস্ত ৰাইজক শীঘ্ৰে সম্পূৰ্ণ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা , বৰ্তমানলৈ ক্ষতিগ্ৰস্ত লোকসকলৰ ৮০ শতাংশক ক্ষতিপূৰণ আদায় দিয়াৰ দৰে বাকী থকা ২০ শতাংশ ক্ষতিগ্ৰস্তকো একেদৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা এই তিনিটা দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰে।

দাবীসমূহ অতিশীঘ্ৰে পূৰণ নকৰিলে আগন্তুক সময়ত পথ অৱৰোধতকৈ অধিক জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰতিবাদকাৰীসকলে স্পষ্ট কৰি দিয়ে ।