
মোৰাঝাৰঃ প্ৰবীণ কমিউনিষ্ট নেতা কমৰেড তালিবুল হুছেইনৰ মৃত্যুত হোজাই জিলাৰ বামপন্থী শিবিৰত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত শয্যাশয়ী হৈ থকা বামপন্থী নেতাগৰাকীৰ আজি বিয়লি ১-৩০ বজাত নীলবাগানৰ সমীপৰ তাৰকাটাস্থিত নিজ বাসভৱনত ৯২ বছৰত দেহাৱসান ঘটে ৷
যুৱ অৱস্থাৰ পৰাই কমিউনিষ্ট আন্দোলনৰ সৈতে জড়িত হৈ চি পি আইৰ কৃষক সংগঠন নিখিল ভাৰত কৃষক সভা আৰু ট্ৰেড ইউনিয়ন সংগঠনৰ অভিভক্ত নগাওঁ জিলাত নেতৃত্ব বহন কৰিছিল তালিবুল হুছেইনে৷ পৰৱৰ্তী সময়ত কমৰেড হুছেইনে চি পি আই দলত সক্ৰিয় অংশগ্ৰহণ কৰি জিলাখনত কৃষক আৰু শ্ৰমিক আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। আজীৱন এই দলৰ এজন একনিষ্ঠ কৰ্মী হিচাপে কাম কৰি জিলাবাসীৰ প্ৰশংসা লাভ কৰিছিল হুছেইনে৷
অভিবক্ত নগাওঁ জিলাত কৃষক আৰু শ্ৰমিক আন্দোলনক নেতৃত্ব দিবলৈ গৈ বহু সময়ত শাসক গোষ্ঠীৰ ৰঙাচকুৰ বলি হোৱাৰ লগতে আৰক্ষীৰ অত্যাচাৰৰ বলি হৈ কেবাবাৰো কাৰাবাস খাটিছিল৷ ৬০-৭০ৰ দশকত ভূমিহীনৰ ভূমি পট্টাৰ আন্দোলনত জপিয়াই পৰা কমৰেড তালিবুল হুছেইনে সেই সময়ৰ প্ৰভাৱশালী কমিউনিষ্ট নেতা কমৰেড ফণী বৰা, অৰবিন্দ ঘোষ, অৱনী বৰঠাকুৰ, দধি মহন্ত, অচিন্ত ভট্ট, নন্দেশ্বৰ তালুকদাৰ, প্ৰমোদ গগৈ, দ্ৰুপদ বৰগোহাঁইৰ সংস্পৰ্শলৈ আহি নিস্পেষিত-নিপীড়িতৰ কল্যাণৰ কামত ব্ৰতী হৈছিল৷
কমৰেড হুছেইনে দলীয় ৰাজনীতিৰ উপৰিও বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ জিলাখনৰ সকলো স্তৰৰ লোকৰ মাজত পৰিচিতি লাভ কৰিছিল৷ জীৱনৰ শেষৰ সময়ছোৱাত তেওঁৰ ঐকান্তিক প্ৰচেষ্টাত নিজ ভূমিত নৱজ্যোতি একাডেমী নামৰ বিদ্যালয়খন গঢ় লৈ উঠে৷
দৰিদ্ৰ মেহনতি জনগনৰ মুক্তিৰ সপোন দেখা কমৰেড তালিবুল হুছেইনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসভৱনত অসংখ্য গুণমুগ্ধই ভিৰ কৰে৷ বিয়লি নৱজ্যোতি একাডেমীত নেতাগৰাকীৰ বিয়োগত এখন শোক সভা অনুষ্ঠিত হয়৷
আজি নিশা সাত বজাত কেবা সহস্ৰাধিক গুনমুগ্ধৰ উপস্থিতিত তাৰকাটা ঈদগাহ ময়দানত তেওঁৰ শেষকৃত্য সম্পন্ন হয়৷ মৃত্যুৰ সময়ত চাৰি পুত্ৰ, দুগৰাকী কন্যাৰ উপৰিও অসংখ্য গুণমুগ্ধক এৰি যায় নেতাগৰাকীয়ে৷
প্ৰবীণ নেতাজনৰ মৃত্যুত চি পি আই অসম ৰাজ্যিক পৰিষদৰ সহকাৰী সম্পাদক কমৰেড মুনীন মহন্ত, নিখিল ভাৰত কৃষক সভাৰ অসম ৰাজ্যিক সমিতিৰ নেতা কমৰেড ৰাতুল বৰা, অসম মহিলা সংঘ নগাওঁ জিলা সমিতি,হোজাই জিলা গণ জাগৰণ সমিতিৰ সভাপতি কমৰেড মনিৰউদ্দিন চৌধুৰী, চি পি আইৰ হোজাই জিলা সমিতিৰ সম্পাদক নুৰুল ইছলামে শোক প্ৰকাশ কৰে।
একেদৰে অসম ৰাজ্যিক আশাকৰ্মী ইউনিয়ন, চি আই টি ইউৰ ৰাজ্যিক উপ সভাপতি কমৰেড যজ্ঞেশ্বৰ দাস, চি পি আইৰ শিৱসাগৰ জিলা পৰিষদৰ সম্পাদক কমৰেড কনক গগৈ, হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, নীলবাগান প্ৰেছ ক্লাৱৰ সভাপতি বাচিত আলম চৌধুৰী, যুটীয়া সম্পাদক সম্পাদক মাহমুদ আলী, নৱজ্যোতি একাডেমীৰ প্ৰধান শিক্ষক আব্দুল কালাম, নৱজ্যোতি একাডেমীৰ শিক্ষক-শিক্ষয়িত্ৰী বৃন্দৰ লগতে বিভিন্ন দল সংগঠনে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।