
মঙলদৈঃ এইবাৰ বড়োলেণ্ড আন্দোলনৰ নেতৃত্ব আৰু কোচ ৰাজ পৰিয়ালৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ৷ কিছুদিন পূৰ্বে বিটিএডিত অবড়োৰ অধিকাৰ খৰ্ব কৰাৰ লগতে চৰকাৰে হড়ো আন্দোলনত সেনা-আৰক্ষীৰ হাতত নিহত হোৱা লোকসকলক শ্বহীদ আখ্যা দি ৫ লাখ টকাকৈ দিয়াৰ ঘোষণা কৰা কাৰ্যক তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল কোচ ৰাজ পৰিয়ালে৷
এইবাৰ বড়োসকলক তিব্বতৰ বাসিন্দাহে বুলি কয় কোচ ৰ’য়েল ফেমিলিজ’ চমুকৈ কনকৰ্ফে। তিব্বতৰ পৰা ভূটানলৈ আৰু পৰা কোচ ৰাজ্য আৰু ভূটান সীমান্তৰ দুৱাৰ অঞ্চলত বসতি কৰিবলৈ লোৱা বড়োসকলে ১৮৪০ চন মানৰ পৰাহে অসমৰ সমাজ-সংস্কৃতিৰ সৈতে পৰিচিত হয়।
এই দাবী কনচৰিটিয়াম অৱ কোচ ৰয়েল ফেমিলিচ চমুকৈ কনকৰ্ফৰ সম্পাদক প্ৰণৱ নাৰায়ণ দেৱৰ৷ এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বড়োলেণ্ডক অসমীয়া ভাষা অধিক ব্যৱহৃত অঞ্চলৰ সৈতে সামৰি ভাষা ভিত্তিক ৰাজ্য গঠন কৰোতে অসম ৰাজ্য গঠন কৰা হ’ল বুলি মন্তব্যক উভতি ধৰি ককনচৰিটিয়াম অৱ কোচ ৰয়েল ফেমিলিচ চমুকৈ কনকৰ্ফৰ সম্পাদক প্ৰণৱ নাৰায়ণ দেৱে এই মন্তব্য আগবঢ়ায়৷
যোৱা ১৮ মাৰ্চত নেচনেল ফেডাৰেচন অৱ নিউ ষ্টেটছ বিদৰ্ভ এণ্ড বড়োলেণ্ড ইনিচিয়েটিভৰ উদ্যোগত দিল্লীৰ হংসৰাজ কলেজত অনুষ্ঠিত নিউ ষ্টেটছ ফৰ নিউ ইণ্ডিয়া (নতুন ভাৰতৰ বাবে নতুন ৰাজ্য) শীৰ্ষক আলোচনা চক্ৰত অংশ লৈ এই মন্তব্য আগবঢ়ায় প্ৰমোদ কুমাৰ বড়োৱে৷
ইমানে নহয় কনকৰ্ফৰ সম্পাদক প্ৰণৱ নাৰায়ণ দেৱে বড়োৰ ইতিহাস নজনা প্ৰমোদ বড়োৱে পূৰ্বৰ কোচ ৰাজ্যত হাজো ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে বড়োলেণ্ড ক’ত দেখিলে বুলি কয়। নামনি অসমত পূৰ্বৰে পৰাই অসমীয়া ভাষাৰ আঞ্চলিক ৰূপ দেশী ভাষাই চলি আহিছে। বড়োসকল বোড দেশ (তিব্বত)ৰ বাসিন্দাহে। তিব্বতৰ পৰা ভূটানলৈ আৰু পৰা কোচ ৰাজ্য আৰু ভূটান সীমান্তৰ দুৱাৰ অঞ্চলত বসতি কৰিবলৈ লোৱা বড়োসকলে ১৮৪০ চন মানৰ পৰাহে অসমৰ সমাজ-সংস্কৃতিৰ সৈতে পৰিচিত হয়।
১৮৬৪ত কোচ ৰাজ্য বিজনী আক্ৰমণ কৰিবলৈ ঝাউলীয়া মেছৰ লগত অহা বড়ো আৰু ভূটীয়া সৈন্যৰ আক্ৰমণক বিজনীৰ ইতিহাসত ঝাউলীয়া চুমা বুলি কোৱা হৈছে। ১৮৬৫ চনৰ চিনচুলা চুক্তি অনুসৰি পমুৱা বড়োসকল আৰু আক্ৰমণ কৰিবলৈ আহি ৰৈ যোৱা বড়োসকল ভূমিৰে সৈতে পুনৰ বিজনী ৰাজ্যত চামিল হ’ব লগা হয়। স্বাধীনতাৰ লগে লগে বড়োসকলো অসমবাসী হিচাপে চিহ্নিত হয়।
তেওঁলোকে থলুৱা কছাৰীৰ লগত সংমিশ্ৰণ হৈ বড়ো কছাৰী জনজাতি গঢ়ি তুলিলেও তেওলোকে অসমৰ মাটি আৰু মানুহক ভাল পাবলৈ নিশিকিলে। সেয়ে কোচ হাজো ৰাজ্যৰ মাটিত জোৰকৈ বড়োলেণ্ড সাব্যস্ত কৰি অনাবড়োৰ অধিকাৰ কাঢ়ি নিও সন্তুষ্ট হ’ব নোৱাৰি তেওঁলোকে অদ্যাপি বিচ্ছিন্নবাদী চিন্তাৰে পৃথক বড়োৰাজ্য বিচাৰিছে বুলি কয় কনকৰ্ফৰ সম্পাদক প্ৰণৱ নাৰায়ণ দেৱে।
এনে কাৰ্যক অতি দুৰ্ভাগ্যজনক আখ্যা দি এবছু তথা নেচনেল ফেডাৰেচন অফ নিউ ষ্টেটছ বিদৰ্ভ এণ্ড বড়োলেণ্ড ইনিচিয়েটিভে ভাৰতক অস্থিৰ কৰিবৰ বাবে নতুন নতুন ৰাজ্য গঠনৰ দাবী উত্থাপন কৰিছে বুলি কয়। ৰাজ্যসমূহৰ অখণ্ডতা ৰক্ষা কৰিবৰ বাবে ভাৰত চৰকাৰে সংবিধান সংশেধন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি কনকৰ্ফৰ সম্পাদক প্ৰণৱ নাৰায়ণ দেৱে দাবী জনায়।
উল্লেখ্য যে,যোৱা ১৩ মাৰ্চত বড়ো আন্দোলনত বহু অবড়ো লোকক হত্যা কৰা হৈছিল বুলি কৈ সেই লোকসকলৰ পৰিয়ালৰ ব্যৱস্থা চৰকাৰে নললে বুলি কৈছিল কনকৰ্ফে৷ চৰকাৰে সেই লোকসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে৷ বড়ো আন্দোলনৰ সময়ত নিৰাপদ ঠাইলৈ উঠি অহা লোককো ক্ষতি পূৰণ দিব লাগে৷
কোচ ৰাজ পৰিয়ালে বড়ো আন্দোলনত নিহত হোৱা আন্দোলনকাৰীক চৰকাৰে শ্বহীদ ঘোষণা কৰাৰ লগতে পৰিয়ালক ৫ লাখ টকা দিয়াৰ কথা ঘোষণা কৰাৰ পিছতেই সোচ্চাৰ হৈ পৰে৷
এই ঘোষণাৰ পিছতেই সমাজত বিৰূপ প্ৰভাৱ পৰিব বুলি অভিযোগ উত্থাপন কৰে কোচ ৰাজ পৰিয়ালৰ হৈ কুমাৰ প্ৰণৱ নাৰায়ণ দেৱে৷ সশস্ত্ৰ সংগ্ৰামক উচটনি দিয়াৰ দৰে হ’ব বুলি কৈ চৰকাৰৰ এনে কাণ্ডক কোচ ৰাজ পৰিয়ালে তীব্ৰ গৰিহণা দিয়ে৷
কোচ ৰাজ পৰিয়ালৰ অনুষ্ঠান কনচৰিটিয়াম অৱ কোচ ৰয়েল ফেমিলিচ চমুকৈ কনকৰ্ফে বিটিচিৰ ২২ লাখ অবড়োক তৃতীয় শ্ৰেণীৰ নাগৰিক কৰিবলৈ ওলোৱা বুলি অভিযোগ উত্থাপন কৰে৷
ইমানে নহয় অবড়োৰ তেজৰে ফাকু খেলা বড়ো আন্দোলনৰ উগ্ৰপন্থীয়ে গুৱাহাটীত ধাৰাবাহীক বোমা বিস্ফোৰণ কৰাৰ লগতে ৰঙিয়া কেকেৰিকুছিত উৰুকাৰ নিশাৰ গণ হত্যা কৰা আৰু আগণন অবড়োক গণ হত্যা কৰা বড়ো উগ্ৰপন্থীক পুৰস্কাৰ দিয়া গুৰুতৰ অভিযোগ উত্থাপন কৰে৷
বড়ো আন্দোলনত নিহত পৰিয়ালক ৫ লাখ টকা দি আৰু তথাকথিত শ্বহীদ ঘোষণা কৰি উগ্ৰপন্থীক সমৰ্থন কৰিলে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে৷