নগাঁওঃ ভাৰতবৰ্ষৰ ই-গৱৰ্নেঞ্চ আৰু ডিজিটেল সেৱাৰ অধীনত স্থাপিত জি টু চি আৰু জি টু বি সেৱাৰ ভি এল ই সকলৰ প্ৰথম ৰাজ্যিক অধিবেশন নগাঁও জিলাৰ চাপৰমুখত উদযাপনৰ প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ অহা ১৬ আৰু ১৭ ডিচেম্বৰত দুদিনীয়াকৈ অধিবেশনখন চাপৰমুখৰ বি টি এইচ হাইস্কুল প্ৰাংগণত অনুষ্ঠিত হ’ব ৷

অধিবেশনখন মূলতঃ চি এছ চি-ভি এল ই সকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমূহ পৰ্যালোচনাৰ কৰিব৷ অধিবেশনখন সুকলমে অনুষ্ঠিত কৰাৰ অৰ্থে নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ চি এছ চি-ভি এল ইৰ সভাপতি আৰু সম্পাদকৰ লগতে নগাঁও জিলাৰ প্ৰতিখন ব্ল’ক পৰ্যায়ৰ সমিতিৰ সম্পাদকসকলক লৈ ইতিমধ্যে এখন ১৯ জনীয়া উদযাপন সমিতি গঠন কৰা হৈছে৷

বিস্তৃত কাৰ্যসূচীৰ লগতে অধিবেশনৰ মুকলি সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে কেইবাজনো মন্ত্ৰী, জিলা উপায়ুক্ত আৰু ইউ আই ডি এ আইৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে৷