
ডিব্ৰুগড়ঃ মটক জনগোষ্ঠীৰ তিনিটা জাতীয় সংগঠন সদৈ অসম মটক সন্মিলন, সদৌ মটক যুৱ-ছাত্র সন্মিলন অাৰু সদৌঅসম মটক মহিলা পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ অহা ২১-২৪ ডিচেম্বৰলৈকে ডিব্ৰুগড় জিলাৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হ'ব তিনিওটা সংগঠনৰ অধিৱেশন৷ সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ ঊনত্রিংশতম অাৰু সদৌ অসম মটক মহিলা পৰিষদৰ পঞ্চতম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন পৰিচালনা কৰাৰ বাবে ইতিমধ্যে অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে৷
ড০ সৃষ্টিধৰ দওক সভাপতি, চান্দ কুমাৰ গোহাঁইক কাৰ্যকৰি সভাপতি মিন্টু বৰপাত্র আৰু হৃদয়ানন্দ কোঁৱৰক যুটীয়া সম্পাদক হিচাপে লৈ পৰিচালনা সমিতি গঠন কৰা হয়৷ সৌমাৰ খণ্ডৰ একালৰ অধিকাৰী অসমীয়া সংস্কৃতি ঐতিহ্য বহনকাৰী মটৰ জনগোষ্ঠীটোৱে আজিও বঞ্চিত অৱহেলিত হৈ আহিছে বুলি অভিযোগ উত্থাপন হয়৷ জনগোষ্ঠীটোৰ লোকসকল অস্তিত্বৰ সংকটত পৰৰা লগতে, লোক কৃষ্টি, সংস্কৃতি, পৰম্পৰা জীয়াই ৰখাৰ বাবে অহৰহ চেষ্টা চলাই আহিছে যদিও চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷
জনগোষ্ঠীটোৰ তিনিওটা সংগঠনৰ কৰ্মকৰ্তাসকলেও জনগোষ্ঠীটোৰ বিকাশৰ ক্ষেত্রত সুপৰিকল্পিতভাৱে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ এক জটিল সন্ধিক্ষণত অনুষ্ঠিত হ’বলগীয়া অধিবেসনত জনগোষ্ঠীটোৰ উন্নয়ণৰ দিশ সম্পৰ্কে আলোচনা কৰা হ’ব৷ জনগোষ্ঠীটোৰ শিল্পী, সাহিত্যিক, বুদ্ধিজীৱী, ৰাজনৈতিক তথা বিশিষ্ট ব্যক্তিসকলক অামন্ত্রণ জনাই জনগোষ্ঠীটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আলোচনা কৰা হ’ব৷
সদৌ অসম মটক সন্মিলনৰ সভাপতি চন্দ্ৰ সেনাপতি, সাধাৰণ সম্পাদক কাজল গোহাঁই, সদৌ অসম যুৱ-ছাত্র সন্মিলনৰ সভাপতি উদয় শংকৰ মহন, সাধাৰণ সম্পাদক ৰঞ্জীত গোহাঁই, সদৌ অসম মহিলা পৰিষদৰ সভানেত্রী প্ৰতিভা নেওগ, সম্পাদিকা ৰূপালী গোহাঁই অাৰু ডিব্ৰুগড় জিলা মটক যুৱ-ছাত্র সন্মিলনৰ সভাপতি প্ৰশান্ত চেতিয়া অাৰু সাধাৰণ সম্পাদক নিৰুপম দুৱাৰাই অধিৱেশনত অসমৰ সকলো ৰাইজৰ সহায়-সহযোগ কামনা কৰিছে৷