দুলীয়াজানঃ অইলে চুৰি কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সামগ্ৰী৷ সংগঠনটোৱে এই অভিযোগ উত্থাপন কৰাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে তৈল নগৰী দুলীয়াজানত৷ যাৰ ফলত দুই মেৰুত অৱস্থান গ্ৰহণ কৰিছে অইল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি৷ একপ্ৰকাৰ তুংগত উঠিছে অইল ইণ্ডিয়া লিমিটেড আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সংঘাট৷ জানিব পৰা মতে, অইল ইণ্ডিয়াই কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দুলীয়াজান আঞ্চলিক সমিতিৰ কাৰ্যালয় নিমাৰ্ণৰ বাবে আনি থোৱা সামগ্ৰী চুৰি কৰাৰ অভিযোগ উত্থাপন কৰে৷

যাৰ প্ৰতিবাদত ২৭ অক্টোবৰৰ পৰা অইল ইণ্ডিয়া বন্ধ ঘোষণা কৰিছিল সংগঠনটোৱে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক মাধুৰ্য্য বৰুৱা আৰু আঞ্চলিক সমিতৰ সাধাৰণ সম্পাদক আকাশ প্ৰতিম গোস্বামীয়ে দেওবাৰে এক বিবৃতি যোগে অইল ইণ্ডিয়া লিমিটেডে কৃষক মুক্তিৰ কাৰ্যালয়ৰ মাটি অবৈধভাৱে অধিগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰে৷ যাৰ ফলস্বৰূপে সংগঠনটোৱে ২৭ অক্টোবৰৰ পৰা অনিৰ্দিষ্টকাললৈ অইল ইণ্ডিয়া লিমিটেড বন্ধৰ ঘোষণা কৰে।

বন্ধ ঘোষণা কৰা দিনটোতে অইল ইণ্ডিয়া লিমিটেডে সংগঠনটোক আলোচনাৰ বাবে আমন্ত্ৰণ জনায়। আলোচনা চলি থকা কালত অইল ইণ্ডিয়া লিমিটেডৰ একাংশ বিষয়াই সংগঠনটোৰ প্ৰতিনিধিসকলক দাদাগিৰি দেখুৱাই বুলি অভিযোগ কৰে সংগঠনটোৱে বিবৃতি যোগে৷ সংগঠনটোৱে আলোচনা আধাতে সমাপ্ত কৰি উভতি আহে। উক্ত দিনটোতে সংগঠনটোৱে পুনৰ ৩ বজাৰ পৰা অইল ইণ্ডিয়া বন্ধ ঘোষণা কৰে। সংগঠনটোৱে দুলীয়াজানৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইত অইলৰ গাড়ী চলাচলত বাধা প্ৰদান কৰে৷ শ্ৰমিকক কামৰ ঠাইৰ পৰা পঠিয়াই দিয়ে।

আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি গণতান্ত্ৰিক আন্দোলন ধ্বংস কৰিবৰ বাবে ভয় ভাবুকি প্ৰদান কৰি প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰিবৰ বাবে চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। অইল ইণ্ডিয়া লিমিটেডক শেষ বাৰৰ বাবে সকীয়নি প্ৰদান কৰি আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি অইল ইণ্ডিয়াই যদি ৰঙা চকু দেখুৱাই গণতান্ত্ৰিক প্ৰতিবাদ বন্ধ কৰিব পাৰিম বুলি ভাৱিছে তেন্তে অইল ইণ্ডিয়া কৰ্তৃপক্ষই মুৰ্খৰ স্বৰ্গত বাস কৰা বুলি প্ৰত্যুত্তৰ প্ৰদান কৰে সংগঠনটোৱে। পৰিণাৰ বেয়াৰ পিনে গতি কৰিব৷ তাৰ বাবে সম্পূৰ্ণ জগৰীয়া অইল ইণ্ডিয়া কৰ্তৃপক্ষ হ'ব বুলি হুংকাৰ প্ৰদান কৰি সংগঠনটোৱে শীঘ্ৰে অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষক দাবীসমূহ মানি লবলৈ দাবী জনায়৷