ফটোখন ANIৰ টুইটাৰ একাউন্টৰ পৰা লোৱা হৈছে

ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনক লৈ সাজু হৈ উঠিছে ৰাহুল গান্ধী নেতৃত্বাধীন কংগ্ৰেছ দল৷ শুকুৰবাৰে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ মংগোলৰৰ এক দলীয় অনুষ্ঠানত দলৰ ঘোষণাপত্ৰ প্ৰকাশ কৰে৷ কংগ্ৰেছৰ ঘোষণাপত্ৰ প্ৰকাশ অনুষ্ঠানত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামেয়াৰ লগতে আন কেইবগৰাকীও কংগ্ৰেছৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে৷ 

কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে অনুষ্ঠানত দলৰ ঘোষণাপত্ৰ প্ৰকাশ কৰি কয়- ‘আমি কৰ্ণাটকৰ প্ৰতিখন ৰাজ্যৰ সাধাৰণ নাগৰিকৰ পৰা ৰায় গ্ৰহণ কৰি এই ঘোষণাপত্ৰ প্ৰস্তুত কৰিছো৷ আমি এই ঘোষণাপত্ৰত উল্লেখ কৰা প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিম৷’ ৰাহুল গান্ধীয়ে অনুষ্ঠানত বিজেপিয়ে কৰ্ণাটকৰ সংস্কৃতি ধ্বংস কৰিছে বুলি কৈ বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে৷  

ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছৰ ঘোষণা পত্ৰ কৰ্ণাটকৰ সাধাৰণ জনতাৰ মনৰ কথাহে৷ ঘোষণাপত্ৰত উল্লিখিত সকলো প্ৰতিশ্ৰুতি কংগ্ৰেছে পালন কৰিব বুলিও তেওঁ আশ্বাস প্ৰদান কৰে৷ ইফালে যোৱাবছৰো কংগ্ৰেছে ঘোষণাপত্ৰত উল্লেখ কৰা ৯৫ শতাংশ কাম সম্পূৰ্ণ কৰিছে বুলিও দাবী কৰে কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে৷ 

আনহাতে ঘোষণা পত্ৰ প্ৰস্তুতকৰণত বিজেপিয়ে সাধাৰণ জনতাক গুৰুত্ব নিদিয়ে বুলি কটাক্ষ কৰি ৰাহুলে কয় যে বিজেপিয়ে প্ৰকাশ কৰা ঘোষণাপত্ৰ মাত্ৰ ৩/৪জন লোকেহে প্ৰস্তুত কৰে৷ বিজেপিৰ ঘোষণাপত্ৰত দূৰ্নীতি, ভ্ৰষ্টাচাৰিতা আদিয়ে প্ৰকাশ পায় বুলি কটাক্ষ কৰি কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে ইয়াকো কয় যে বিজেপিৰ ঘোষণাপত্ৰ মানে আচলতে আৰএছএছৰ ঘোষণা পত্ৰহে৷  

উল্লেখ্য যে যোৱা কিছু মাহৰ ভিতৰত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে ৬ বাৰকৈ কৰ্ণাটক ভ্ৰমণ কৰে৷ অহা ১২ মে’ত কৰ্নাটকৰ সৰ্বমুঠ ২২৪ খন বিধানসভা আসনৰ মত দান প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব আৰু ১৫ মে’ত ইয়াৰ মত গণনা কাৰ্য সম্পন্ন হ’ব৷ 

ইফালে কংগ্ৰেছৰ সতে তাল মিলাই বিজেপিও ২২৪ খন বিধানসভাৰ আসনৰ বাবে পৃথকে পৃথকে ঘোষণা পত্ৰ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে৷ এই সন্দৰ্ভত বিজেপি প্ৰবক্তা বমন আচাৰ্যই কয় যে বিজেপিয়েও কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে দলীয় ঘোষণাপত্ৰ প্ৰস্তুত কৰি উলিয়াইছে৷ ঘোষণা পত্ৰত কৰ্নাটকৰ বিকাশৰ কথা উল্লেখ কৰা হৈছে৷ আগন্তক ৩/৪ দিনৰ ভিতৰতে সেয়া প্ৰকাশ কৰা হ’ব বুলিও জানিবলৈ দিয়ে বিজেপি প্ৰবক্তা গৰাকীয়ে৷