মোৰাঝাৰঃ ২০১৬ বৰ্ষৰ ৮ নৱেম্বৰত প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰিছিল নোট বন্দীৰ৷ ঘোষণাৰ লগে লগে স্তদ্ধ হৈ পৰিছিল দেশ৷ ৫০০-১০০০ টকাৰ নোট বন্ধ কৰাৰ ফলত দেশত হাহকাৰ লাগিছিল৷ ৰোগী, লৰা-ছোৱালীৰ বিবাহৰ দিন থিক কৰা পৰিয়াল, শ্ৰমিক, দিনহাজিৰা কৰা লোকসকলে ব্যাপক সমস্যাত পৰিছিল৷

২০০০ টকাৰ বাবে দিনৰ দিনটো বেংকত লাইনৰ থিয় দিব লগা হয় হাজাৰ হাজাৰ লোকে৷ হোজাই জিলাৰ বিন্নাকান্দি ব্লক কংগ্ৰেছৰ উদ্যোগত কলা দিৱস পালন কৰে। মোৰাঝাৰৰ চৌধৰী বজাৰত বিমুদ্ৰাকৰণৰ বিৰুদ্ধে পালন কৰা কলা দিৱসত কেবা শতাধিক লোক ওলাই আহি মোডী চৰকাৰৰ বিৰুদ্ধে বিষাদগাৰ প্ৰকাশ কৰে। ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিনে বিজেপি আৰু মোডীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি দৰিদ্ৰ লোকে নোট সলাবলৈ বেংকত শাৰী পাতি মৃত্যু হোৱা লোকক শ্ৰদ্ধাৰে সোঁৱাৰে।